W7s News ষ্টাফৰিপোৰ্টাৰ:
ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ (ছিটা) ৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰৰ শেষকৃত্য ১৯ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। দিছপুৰৰ মন্ত্ৰী আৱাস চৌহদৰ ১ নং আৱাস গৃহত ১৮ ফেব্ৰুৱাৰীৰ দিনটোত গুণমুগ্ধ সকলে তেওঁৰ নশ্বৰ দেহত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব।উল্লেখ্য, ১৬ ফেব্ৰুৱাৰীত চেন্নাই এপ’ল’ হাস্পতালত বিশিষ্ট সমাজ সংগঠক, উদ্যোগপতি আৰু ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰে শেষ নিশ্বাস ত্যাগ কৰে। বৃটিছৰ শাসন কালত অবিভক্ত অসমৰ কৃষি বিভাগৰ সঞ্চালক তথা বিশিষ্ট উদ্ভাৱক আৰু উদ্যোগপতি লক্ষেশ্বৰ বৰঠাকুৰৰ পুত্ৰ দীপক কুমাৰ বৰঠাকুৰে পোনতে জ্যেষ্ঠ ভাতৃ ভুবেনেশ্বৰ বৰঠাকুৰৰ সৈতে লগলাগি ব্যবসায় আৰম্ভ কৰে যদিও পিছলৈ স্বতন্ত্রভাবে ব্যৱসায় তথা উদ্যোগী জীৱন আৰম্ভ কৰে। তেওঁৰ অধ্যক্ষতাত এল বি গ্রুপ অব ইণ্ডাষ্ট্রিজে ইতিমধ্যে পঞ্চাশ বছৰ সম্পূৰ্ণ কৰিছে। এগৰাকী স্বাধীনচিতীয়া অসমীয়া উদ্যোগী হিচাপে বৰঠাকুৰ ভৱিষ্যত প্রজন্মৰ উদ্যোগীৰ কাৰণে অনুকৰণীয় আদৰ্শ হৈ ৰ'ব। ব্যৱসায় ক্ষেত্ৰখনৰ বাহিৰেও দীপক কুমাৰ বৰঠাকুৰ গুৱাহাটী তথা অসমৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। গুৱাহাটীৰ বিখ্যাত নিউ আৰ্ট প্লেয়াৰ্ছ, বিবেকানন্দ কেন্দ্ৰ, শঙ্কৰদেৱ নেত্ৰালয়, বালাজী মন্দিৰ আদিৰ প্ৰতিষ্ঠাত বৰঠাকুৰৰ অপৰিসীম অৱদান আছিল। অসমত বিদ্যা ভাৰতীৰ অধীনস্থ শংঙ্কৰদেৱ শিশু নিকেতন সমূহৰ প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ বাবেও তেওঁ অনবদ্য অৱদান আগবঢ়াই গৈছে। ইয়াৰোপৰি, ‘নিটি’ আয়োগৰ আৰ্হিত অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ (ছিটা) প্রথমজন উপাধ্যক্ষ হিচাপে এই নৱগঠিত অনুষ্ঠানটোক বিভিন্ন আঁচনি আৰু কৰ্মসূচীৰে গতিশীল কৰি তোলাত তেওঁ বলিষ্ঠ ভূমিকা পালন কৰিছিল। দীপক কুমাৰ বৰঠাকুৰৰ বিয়োগত অসম তথা ভাৰতৰ বিভিন্ন সংগঠন, অনুষ্ঠান আৰু সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বহু নেতৃস্থানীয় ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
No comments:
Post a Comment