'ডিস্কো ডেন্সাৰ' বাপ্পী লাহিড়ীৰ মৃত্যু... - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 16 February 2022

'ডিস্কো ডেন্সাৰ' বাপ্পী লাহিড়ীৰ মৃত্যু...

 




W7s News নিউজ ডেস্ক: এক দুঃখৰে বলিউডত শোকৰ ছাঁ পেলাইছে । লতা মংগেংশকাৰৰ মৃত্যুৰ মাত্ৰ ১০ দিনৰ পিছতেই বলীউডৰ আকৌ এগৰাকী জনপ্ৰিয় সংগীত শিল্পীৰ মৃত্যুৰ খবৰ । বলীউডৰ জনপ্ৰিয় সংগীত পৰিচালক বাপ্পী লাহিড়ী আৰু নাই । মুম্বাইৰ এখন হাস্পাতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ । বিগত এটা বছৰ ধৰি বাপ্পী লাহিড়ী মুখ্যতঃ 'অবষ্ট্ৰাকটিভ শ্লীপ এপনিয়া' ( OSA ) ৰোগত ভুগি থকাৰ লগতে বুকুৰ সংক্ৰমণতো ভুগি আছিল । যোৱা ২৯ দিন ধৰি তেওঁ জুহুৰ সমীপৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । তেওঁ সুস্থ হৈ অহাত কালি তেওঁক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল । কিন্তু মঙলবাৰে নিশা হঠাতে তেওঁ পুনৰ অসুস্থ হৈ পৰাত ততালিকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মঙলবাৰে নিশা ১১.৪৫ বজাত তেওঁ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে । বিগত বছৰ কৰ'নাতো আক্ৰান্ত হৈছিল বাপ্পী লাহিড়ী আৰু সেই সময়ত ব্ৰীছ কেণ্ডী হাস্পাতালত তেওঁ চিকিৎসাধীন হৈছিল । তাৰ পিছৰে পৰাই তেওঁ অসুস্থতাত ভুগি আছিল আৰু নিয়মীয়াকৈ তেওঁৰ চিকিৎসা যাত্ৰা চলি আছিল । উল্লেখযোগ্য যে বলীউডৰ সংগীতত এক নতুন ধাৰা আৰম্ভ কৰি জনপ্ৰিয় হৈ পৰা সংগীত পৰিচালকগৰাকীয়েই আছিল বাপ্পী লাহিড়ী । ১৯৫২ চনৰ ২৭ নবেম্বৰত জলপাইগুৰিত জন্মগ্ৰহণ কৰা বাপ্পী লাহিড়ী এগৰাকী সংগীত পৰিচালকৰ উপৰি এগৰাকী গায়কো আছিল । অসংখ্য জনপ্ৰিয় হিন্দী ছবিত তেওঁ সংগীত পৰিচালনা কৰিছিল । সেই ছবিসমূহৰ ভিতৰত কেইখনমান উল্লেখযোগ্য ছবি আছিল 'ডিস্কো ডেন্সাৰ', 'মাৱালী', 'তফা', 'জানী দোষ্ট', 'বলিদান', 'হাচিয়ৎ', 'সুহাগন', 'তামাচা', 'মাজাল', 'সিংহাসন', 'সোনে পে সুহাগা', 'নয়া কদম', 'হাথকড়ী', 'ডেন্স ডেন্স', 'নমক হালাল', 'মাষ্টাৰজী', 'হিম্মৎৱালা', 'জাষ্টিছ চৌধুৰী', 'মকচদ', 'কমাণ্ডো', 'চৈলাব', 'গেং লীডাৰ', 'শৰাবী', 'চাহেব', 'গ্ৰেপ্তাৰ', 'আগ হী আগ', 'এটৱাৰ', 'গুৰু দক্ষিণা', 'সত্যমেব জয়তে', 'গুৰু', 'প্ৰেম প্ৰতিজ্ঞা', 'ঘায়েল', 'নাকাবন্দী', 'আজ কা অৰ্জুন', 'আজ কা শ্বাহেনশ্বাহ', 'থানেদাৰ', 'ফৰিস্তে', 'ফাৰ্ষ্ট লাভ লেটাৰ', 'শ্বোলা ঔৰ শ্ববনম', 'দালাল', 'পুলিচ ঔৰ মুজৰিম' আদি । গায়ক আৰু সংগীত পৰিচালকৰ উপৰি বাপ্পী লাহিড়ী আছিল এগৰাকী ৰাজনীতিকো । ২০১৪ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ লগতে শ্ৰীৰামপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাও কৰিছিল । অৱশ্যে সেই নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল । ডিস্কো সংগীতক বলীউডৰ ছবিলৈ আনি এক নতুন ধাৰাক জনপ্ৰিয় কৰি তোলা বাপ্পী লাহিড়ীয়ে হিন্দী ছবিৰ উপৰি বাংলা, তামিল, তেলুগু, কানাড়া আৰু গুজৰাটী ভাষাৰ ছবিতো সংগীত পৰিচালনা কৰিছিল । কেইবাবাৰো তেওঁ ফিল্মফেয়াৰ বঁটাও লাভ কৰিছিল। তেওঁৰ মৃত্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজনৈতিক, বলিউড, সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তি সকলে শোক প্ৰকাশ কৰে। তেওঁৰ মৃত্যুত সাংস্কৃতিক জগতত শোকৰ ছাঁ  পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here