W7s news, ষ্টাফৰিপোৰ্টাৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (মেইটৱাই)ৰ অধীনস্থ সংস্থা চফ্টৱেৰ টেকন'লজী পাৰ্ক অব ইণ্ডিয়া (এছটিপিআই)ৰ স্পিচেল পাৰপচ ভেহিকল(special purpose vehicle)এআইচি এছটিপিআইনেক্সট ইনিচিয়েটিভৰ সৈতে ব্যক্তিগতখণ্ডৰ আগশাৰীৰ বেংক প্ৰতিষ্ঠান এইচডিএফচি বেংকে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ ঘোষণা কৰিছে।এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে স্মাৰ্টআপ কাৰ্যসূচীৰ অধীনস্থ ষ্টাৰ্ট আপ আৰু অন্যান্য মূল্য-সংযোজনৰ সেৱাসমূহত বেংকিং প্ৰয়োজনীয়তাৰ পৰিসৰ প্ৰদান কৰা। চুক্তি স্বাক্ষৰ কৰি আনন্দিত বুলি উল্লেখ কৰে বেংকটোৱে।
এই প্ৰসংগত এইচডিএফচি বেংকৰ ব্ৰান্স বেংকিং হেড, নৰ্থ ৩ আৰু ছেলছ এক্সিলেন্স এণ্ড ট্ৰেন্সফাৰ্মাচন(Transformation)ৰ ৰাষ্ট্ৰীয় মুৰব্বী অখিলেশ ৰয়ে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কয়; "বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্ট-আপ প্ৰণালীৰ ইক'চিষ্টেম হিচাপে আত্মপ্ৰকাশ কৰিছে ভাৰতে। ২০২১ত ৪২ টা ষ্টাৰ্ট আপ ইউনিকৰ্ণ হিচাপে আত্মপ্ৰকাশ কৰিছে, যাৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮২.১নিযুত আমেৰিকান ডলাৰ।ষ্টাৰ্ট-আপ আৰু বেংকক উদগনি যোগাই অহা প্ৰতিষ্ঠান এছটিপিআইয়ে ষ্টাৰ্ট-আপৰ বিকাশত আৰু ষ্টাৰ্ট-আপ ইক'চিষ্টেমৰ সৈতে জড়িত সকলৰে ঘনিষ্ঠভাৱে কাম কৰি আহিছে। এই বুজাবুজি চুক্তিখন এছটিপিআই আৰু এছটিপিআইনেক্সট ইনিচিয়েটিভৰ জৰিয়তে ষ্টাৰ্ট-আপসমূহক সমৰ্থন কৰাৰ দিশত এক সৰু পদক্ষেপ।"এছটিপিআইৰ সঞ্চালক প্ৰধান অৰবিন্দ কুমাৰে কয়; "এছটিপিআইয়ে নিৰন্তৰভাৱে শক্তিশালী কৰিব বিচাৰিছে প্ৰযুক্তি ষ্টাৰ্ট-আপ ইক'চিষ্টেম আৰু আজি এইচডিএফচি বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাটো তাৰ এক পদক্ষেপ। বৰ্তমানৰ ভাৰত হৈছে উদ্ভাৱনৰ বাবে এখন গৰম বিচনা আৰু প্ৰযুক্তি বিপ্লৱখন আগুৱাই নিয়াৰ বাবে টেক ষ্টাৰ্ট-আপবোৰ কেন্দ্ৰীয় পৰ্যায়ত আছে।প্ৰযুক্তিয়ে আগন্তুক দশকলৈ এক প্ৰভাৱশালী ভূমিকা পালন কৰি থাকিব আৰু বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ষ্টাৰ্ট-আপ ইক'চিষ্টেম গঢ়ি তোলাৰ দিশত ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপৰ জৰিয়তে কাম কৰি থাকিব।তেওঁ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোক "ঐতিহাসিক" বুলি অভিহিত কৰে, যিয়ে আগলৈ কেৱল এছটিপিআইৰ সৈতেই নহয়,এছটিপিআইনেক্সট ইনিচিয়েটিভৰ অধীনত থকা ২০জন চিঅ'ইৰ সৈতে সহযোগিতা শক্তিশালী কৰি আগুৱাই যোৱাত সহায় কৰিব।"বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত আছিল এছটিপিআই গান্ধীনগৰৰ সঞ্চালক, এছটিপিআইনেক্সটৰ কাৰ্যবাহী উপাধ্যক্ষ ডঃ দেৱেশ ত্যাগী, এছটিপিআই ভুৱনেশ্বৰৰ সঞ্চালক মানস পাণ্ডা, টিপিআইৰ সঞ্চালক আৰু এছটিপিআইনেক্সট চিইঅ' সুবোধ চাচানৰ লগতে এছটিপিআই/এছটিপিআইনেক্সট চেণ্টাৰ অফ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ আৰু এছটিপিআই./এছটিপিআইনেক্সট ষ্টাৰ্ট-আপৰ সঞ্চালক আৰু চিইঅ' সকল।বেংকৰ তৰফৰ পৰা অনুষ্ঠানটোত উপস্থিত আছিল চাৰ্কোল হেড অমন আৱাল, ষ্টাৰ্ট-আপ আৰু ইনভেষ্টমেণ্ট হেড নেহা আগৰৱাল, ষ্টাৰ্ট-আপ চেনেল হেড পল্লৱী পাৰাব, ক্লাষ্টাৰ হেড সুমন হুৰিয়া, ষ্টাৰ্ট আপ ইভাঞ্জেলিষ্ট অভিষেক শ্ৰীবাস্তৱ, কৌশলগত অংশীদাৰীত্ব শ্বেতা তিৱাৰী আৰু শাখা প্ৰৱন্ধক অৱনীত কৌৰ।
No comments:
Post a Comment