গুৱাহাটী ব্লাইণ্ড হাইস্কুলত বিশ্ব ব্ৰেইলি দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 5 January 2022

গুৱাহাটী ব্লাইণ্ড হাইস্কুলত বিশ্ব ব্ৰেইলি দিৱস পালন

 


 






W7s News ষ্টাফৰিপোর্টাৰ ঃ বিশ্ব ব্ৰেইলি দিৱস উপলক্ষে বশিষ্ঠৰ গুৱাহাটীৰ ব্লাইন হাইস্কুল আৰু সদৌ অসম ব্লাইণ্ড ষ্টুডেন্ট ইউনিয়নে ২ জানুৱাৰীৰৰ পৰা ৪ জানুৱাৰীলৈ অন্ধ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰে। এই প্রতিযোগিতাত আছিল-ক্রিকেট খেল, গান-সংগীত, দৌৰ প্ৰতিযোগিতা, পঢ়া আৰু লিখা, ব্লাইণ্ড হিডচ। ৭০ জনতকৈ অধিক ছাত্র-ছাত্রীয়ে উক্ত প্রতিযোগিতাত অংশগ্ৰহণ কৰে। প্রতিযোগীতাৰ শ্রেষ্ঠ প্রতিযোগীক মানপত্র, বঁটা আৰু বি এন ডব্লিউ ৱেৰ’ ব্ৰেণ্ডেত টি-চাৰ্ট প্ৰদান কৰা হয়।  ক্রিকেট প্রতিযোগিতাখন ২ জানুৱাৰীত অনুষ্ঠিত হৈছিল আৰু আন প্রতিযোগিতাসমূহ ৩ জানুৱাৰীত অনুষ্ঠিত হয়। ৪ জানুৱাৰীত শ্রেষ্ঠ বিজয়ীক বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠানত ৰাজেন কুমাৰ আগৰৱালা উপস্থিত থাকি শ্রেষ্ঠ প্রতিযোগিক বঁটা প্ৰদান কৰে। উক্ত বঁটা প্রদান অনুষ্ঠানত নেম কেয়াৰ হাস্পাতলৰ প্ৰতিস্থাপক হিতেশ বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গুৱাহাটী ব্লাইণ্ড হাইস্কুলৰ অধ্যক্ষ নিৰুপমা ভট্টাচার্যী, বি এন ডব্লিউ ৱেৰ’ৰৰ প্ৰতিষ্ঠাপক আয়ুষ মুৰাক্কাকে আদি কৰি বহু প্রাক্তন ছাত্র, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here