ড° জি ডি ধনুকালৈ ইণ্ডিয়ান এচিভাৰ্ছ এৱাৰ্ড - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 12 January 2022

ড° জি ডি ধনুকালৈ ইণ্ডিয়ান এচিভাৰ্ছ এৱাৰ্ড







W7s News ষ্টাফৰিপোর্টাৰ: ইণ্ডিয়ান এচিভাৰ্ছ ফ’ৰামে প্ৰদান কৰা সন্মানীয় ‘ইণ্ডিয়ান এচিভাৰ্ছ এৱাৰ্ড ২০২১-২২’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ ব্যৱসায়ী ড° ঘনশ্যাম দাস ধনুকাই। যুৱ আৰু প্ৰতিভাসম্পন্ন উদ্যোগী হিচাপে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে ব্যৱসায়ীগৰাকীয়ে। উল্লেখ্য, যুৱ ব্যৱসায়ী ধনুকাই ইউ কেৰ এলএছই আৰু এল ইউ এম এছ শিক্ষা প্রতিষ্ঠানত শিক্ষা গ্ৰহণ কৰিছে। একেদৰে তেওঁ বিভিন্ন এইচ বি এছ আৰু আই আই এমৰ সৈতে নেতৃত্বৰ কাৰ্যসূচীত অংশ লোৱাৰ লগতে এল এল বি ডিগ্রী লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষ সামাজিক আৰু অর্থনৈতিক দিশত আত্মনিৰ্ভৰশীল হোৱাৰ লগতে বিশ্বস্তৰত চিন্তা কৰা আৰু স্থানীয় পৰ্যায়ত কাম কৰাই ড° ধনুকাৰ লক্ষ্য আৰু উদ্দেশ্য। ‘থিংক গ্ল’বেল এক্ট, ল’কেল আইডিঅ’লজী ধাৰণা লৈ ড° ধনুকাই আগবাঢ়ি গৈছে। তেওঁৰ পিতৃৰ সপোন পূৰণৰ বাবে সকলো কৰি গৈছে। পিতৃ অশোক কুমাৰ ধনুকা ফার্মাচিউটিকেল এণ্ড কছমেটিক (জিআৰডি ফার্মাচিউটিকেল), হস্পিটালিটী, সেউজ শক্তি, ৰিয়েল ইষ্টেট আৰু খাদ্য উদ্যোগৰ সৈতেও জড়িত। মাৰোৱাৰী হাস্পতালত দানবীৰ সদস্য হিচাপে পৰিচিত হোৱাৰ লগতে গুৱাহাটীৰ গো-শালাৰ সৈতে ওতপ্রোতভাৱে জড়িত। একেদৰে শিক্ষাৰ পৰা বঞ্চিতসকলক শিক্ষাৰ পোহৰ বিয়পোৱাৰ লগতে যুৱৰ্তী তথা মহিলাসকলক স্বাৱলম্বিতাৰ বাট দেখুৱাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছে। ড° ঘনশ্যান ধনুকা উত্তৰ-পূব ভাৰতৰ য়ং প্রেচিডেণ্টছ অর্গেনাইজেচন চমুকৈ ৱাই পি অ’ৰ অধ্যক্ষ, লঘু উদ্যোগ ভাৰতী উত্তৰ-পূব ভাৰতৰ সম্পাদক, গুৱাহাটী মাৰোৱাৰী হাস্পতালৰ সাধাৰণ সম্পাদক আৰু এণ্টাৰপ্ৰেনিয়াছ অর্গেনাইজেশ্বন চমুকৈ ই অ'ৰ প্ৰতিষ্ঠাপক সদস্য। এডভান্টেজ অসম, গ্লৱেল উদ্যোগী সন্মিলনত ধনুকাই ফার্মাচিউটিকেল আৰু মেডিকেল ডিভাইচ ফ’ৰামৰ ওপৰত বক্তৃতা দিয়াৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল। ২০২০ বৰ্ষতো তেওঁ টাইমছ গ্ৰুপৰ সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here