'
W7s News ষ্টাফৰিপোর্টাৰ: গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত শুকুৰবাৰে ভৰলু বচাও অভিযানৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 'ভৰলু আই আমাৰ' শীৰ্ষক গীত মুকলি কৰা হয়। গীতটো মুকলি কৰে বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞাই । তেওঁ গীতটো সৰ্বাংগসুন্দৰ, অৰ্থবহ হোৱা বুলি কয়। তেওঁ লগতে কয় 'এনে ধৰণৰ গীত বহু বছৰ পূৰ্বে উলিয়াব লাগিছিল। এই গীতটো ভৰুলু ৰক্ষা কৰাৰ সময়োপযোগী গীত হৈছে। উদ্যোক্তা সকলে অতি গুৰুত্বপূৰ্ণ কাম কৰিছে। ভৰলুনদীখন পূৰ্বৰ দৰে হৈ পৰক তাৰেই কামনা কৰিলোঁ।' আনহাতে গীতটোৰ গীতিকাৰ চাৰুকমল হাজৰিকাই চেভ ভৰলু অভিযানত সংবাদ মাধ্যমৰ লোকক জড়িত কৰাই ব্যাপক মাত্ৰাত প্ৰচাৰ চলাই চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনায়।অনুষ্ঠানত উপদেষ্টা প্ৰদীপ ভূঞা, চেভ ভৰলু বচাও অভিযানৰ সভাপতি ডাঃ ৰবীন মজুমদাৰ, সাধাৰণ সম্পাদক অমিয় কুমাৰ ডেকা উপস্থিত থাকে।' ভৰলু আই আমাৰ' শীৰ্ষক গীতটোৰ গীতিকাৰ চাৰুকমল হাজৰিকাৰ, প্ৰয়োজনা প্ৰদীপ ভূঞাৰ।গীতটোত কণ্ঠদান কৰিছে বিশিষ্ট কণ্ঠশিল্পী শান্তা উজিৰ,কল্লোল বৰঠাকুৰে। অনুষ্ঠানত অতুল কুমাৰ বৰ্মনে শলাগৰ শৰাই আগবঢ়ায়।
No comments:
Post a Comment