W7s News ষ্টাফৰিপোর্টাৰ : বিশিষ্ট শ্ৰমিক নেতা তথা চিআইটিইউৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক তপন শৰ্মা হাওঁফাওজনিত গুৰুতৰ সমস্যাত ভুগি চিকিৎসাধীন হ'বলগীয়া হৈছে। গুৱাহাটীৰ হেল্থ চিটী নাৰ্ছিংহোমত ৮ ডিচেম্বৰত তেওঁক ভৰ্তি কৰোৱা হয়। হাওঁফাওজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়খনত ভৰ্তি হোৱাৰ পাছতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক ৯ ডিচেম্বৰ দিনা তাৎক্ষণিকভাৱে হাওঁফাওৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়৷ বৰ্তমান চিকিৎসালয়খনৰ চাৰ্জিকেল আইচিইউত চিকিৎসকৰ নিৰীক্ষণত থকা তপন শৰ্মাৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসক ভবানন্দ দাসে জানিবলৈ দিছে৷
No comments:
Post a Comment