সিদ্ধি গ্ৰীণছ্ নাৰ্চাৰীৰ শুভ আৰম্ভণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 11 November 2021

সিদ্ধি গ্ৰীণছ্ নাৰ্চাৰীৰ শুভ আৰম্ভণি

 





W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ মাজমজিয়াত থকা সোনাইঘুলিৰ ডন বস্কো স্কুল ৰোডত সিদ্ধি গ্ৰীণ নামৰ এখনি নাৰ্চাৰী বিপণী কেন্দ্ৰৰ বুধবাৰে শুভ উদ্ধোধনী কৰে বিশিষ্ট পৰিৱেশ কৰ্মী তথা অৰণ্য মানৱ হিচাপে পৰিচিত পদ্মশ্ৰী বঁটা বিজয়ী যাদব পায়েংএ । তেওঁক সহযোগ কৰে প্রতিদিন টিভি চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ লগতে বনছাই মানৱ হিচাপে পৰিচিত লাবু সেনাপতিয়ে । ইয়াৰ উপৰিও অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেত্রী আইমী বৰুৱা উপস্থিত থাকি অনুষ্ঠানটিৰ শোভা বর্ধন কৰে। অনুস্থানত বক্তৃতা প্ৰদান কৰি বিশিষ্ট ব্যক্তি সকলে আধুনিক যান্ত্রিকতাৰ মাজত এখন ঘৰুৱা বাগিছাৰ প্রয়োজণীয়তাৰ ওপৰত আলোকপাত কৰে।

সিদ্ধি গ্ৰীণ নাৰ্চাৰী খনৰ প্ৰতিষ্ঠাপক এগৰাকী উদ্যমী মহিলা পাৰিজাত লহকৰ। তেওঁ তিনি চাৰি বছৰৰ পৰা অশেষ প্ৰচেষ্টাৰে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূব এছিয়াৰ বিভিন্ন দেশ ভ্রমণ কৰি ঘৰুৱা বাগিছাৰ কাৰণে বিভিন্ন প্ৰজাতিৰ ফুল আৰু গছ-গছনিৰ ওপৰত জ্ঞান আহৰণ কৰে। বিশিষ্ট উদ্যোগী পাৰিজাত লহকৰে গুৱাহাটী ক্লাবৰ ওচৰত সিদ্ধি যোগা নামৰ এটি যোগ কেন্দ্ৰৰো প্রতিষ্ঠাপক।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here