দীপান্বিতা উপলক্ষে মাখন ভোগত আকর্ষণীয় উপহাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 26 October 2021

দীপান্বিতা উপলক্ষে মাখন ভোগত আকর্ষণীয় উপহাৰ

 



W7s News গুৱাহাটী : আনন্দ আৰু উৎসৱমুখৰ এই পৱিত্ৰ দীপান্বিতা আৰু কালী পুজা উপলক্ষে গুৱাহাটীৰ প্ৰসিদ্ধ মিঠাইৰ বিপণী মাখন ভোগে ক্রেতাৰ বাবে আগবঢ়াইছে মিঠাই, ড্রাই ফুইটছ, চকলেট, মেক আৰু কুকিজ নতুন কালেকচনৰ লগতে থাকিব সুন্দৰকৈ সজোৱা আকর্ষণীয় উপহাৰৰ বাকচ। সোৱাদ আৰু গুণগত মানত অনন্য মাখন ভোগে সদায় গ্রাহকৰ আৱশ্যকতা, বাজেট আৰু বয়স অনুসাৰে নিজৰ উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰি আহিছে, যাতে প্রতিজন ব্যক্তিয়ে মিঠাইৰ সোৱাদ আৰু অনাবিল আনন্দ লাভ কৰিব পাৰে। তাৰ লগতে যাতে নিজৰ আত্মীয়-স্বজনক উপহাৰ দি আনন্দ লভিব পাৰে। দীপান্বিতা আৰু কালী পূজাৰ এই শুভক্ষণত মাখন ভোগে মাৱাৰ মিঠাই, লাৰু, গুলাব জামুন, কাজু বৰ্ফি আদি মিঠাইৰ গিফট বক্সৰ উপৰিও চকলেট, ড্রাই ফুট, কেক আৰু নিমকি আদিৰে আকৰ্ষণীয় উপহাৰৰ টোপোলাও মুকলি কৰিছে। মিঠাই আৰু ড্ৰাই ফুইটচৰ গিফট বক্সৰ দাম ক্ৰমে ২০০ আৰু ৪০০ টকাৰ পৰা আৰম্ভ হৈছে আৰু বিভিন্ন দামৰ আছে। গ্ৰাহকে নিজৰ পচন্দ অনুসৰি বনাঞ্জৱা গিফট বক্সো অৰ্ডাৰ কৰিব পাৰে। ২০০৯ত স্থাপিত মাখন ভোগ গুৱাহাটীৰ অগ্ৰণী মিঠাইৰ দোকানৰ অন্যতম। গ্রাহকে উলুবাৰী, ফাঁচী বজাৰ আৰু গণেশগুৰিত থকা যিকোনো এখন মাখন ভোগ বিপণীলৈ গৈ মিঠাই আদি কিনিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here