কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 31 October 2021

কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান

 




W7s News ষ্টাফৰিপোৰ্টাৰ : কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  দেওবাৰে 'সহপাঠী মিলন ২০২১' আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। একাডেমীৰ প্ৰাক্তন ছাত্ৰ, ১৯৮৪ চনৰ সহপাঠী প্ৰিন্স ফাইজুল হুকে আঁতধৰা অনুষ্ঠানত একাডেমীৰ অধ্যক্ষ

চি বি ৰায়, সমাজকর্মী, কামৰূপ একাডেমী প্রাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি বলেন্দ্ৰ ভৰালী উপস্থিত থাকি চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানত একাডেমীৰ প্রাক্তন ছাত্ৰ সাহিত্য অকাডেমি বঁটা প্ৰাপক  দিগন্ত বিশ্ব শৰ্মা আৰু বিশিষ্ট আবৃত্তিকাৰ উমপ শইকীয়াক সম্বৰ্ধনাপত্ৰ, ফুলাম গামোছা, স্মাৰক, ফুলৰ থোপা আদিৰে বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি দিগন্ত বিশ্ব শৰ্মাই কয় ' একাগ্ৰতাই সফলতাৰ মূলমন্ত্ৰ। যি সকলে যোগাত্মক চিন্তাৰে আগবাঢ়ে তেওঁলোকে সমাজত সমাদৰ লাভ কৰে।' আনহাতে উপম শইকীয়াই কয় 'আবৃত্তি মানে কবিতা এটা সুৰ লগাই মাতি যোৱাটোৱে নুবুজায়। মুখেৰে উচ্চাৰিত প্ৰতিটো ভাব ব্যঞ্জক ধ্বনিয়ে হ'ল আবৃতি। আবৃত্তি শৈক্ষিক বিষয় হলে নতুন প্ৰজন্মৰ ভাষা জ্ঞানৰ স্পৃহা আহিব।'এই অনুষ্ঠানত একাডেমীৰ ১৯৮৪ চনৰ শিক্ষৰ্থীসকল  উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here