W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীস্থিত নৃত্য, গীত- নাটৰ অগ্রণী অনুষ্ঠান ‘ৰংগায়নে' বিগত পাঁচবছৰে আয়োজন কৰা তিনিদিনীয়া ‘ৰংগায়ন কলা আৰু সাহিত্যৰ উৎসৱে সমগ্র দেশতে প্ৰচাৰ আৰু প্ৰশংসা লাভ কৰিছে। কলা সমালোচক সদ্যপ্রয়াত ডঃ সুনীল কোঠাৰীয়ে ইয়াক অনন্য উৎসৱ হিচাপে অভিহিত কৰিছে। এই বৰ্ষতো ২২ অক্টোবৰৰ পৰা ২৪ অক্টোববলৈ সুকুমাৰ কলা, পৰিৱেশ্য কলা, সাহিত্য আৰু চলচ্চিত্ৰৰ সমাহাৰেৰে এই উৎসৱৰ আয়োজন কৰা হৈছে। উৎসৱৰ কিছু অংশ মুখামুখি আৰু কিছু অনলাইন ৰূপত আগবঢ়োৱা হ'ব৷
আটাইকেইদিনত সুকুমাৰ কলাৰ বিভিন্ন দিশৰ অনুষ্ঠান যেনে- জ্যেষ্ঠ শিল্পীর চিত্রকলা প্রদর্শন, উদীয়মান শিল্পীৰ কর্মশালা, গৱেষকৰ দ্বাৰ৷ আলোচনা সমৃদ্ধ ‘চিত্রবংগ’, সাহিত্যৰ বিভিন্ন অনুষ্ঠান ‘কথাৰংগ’, পৰিৱেশ্য কলা বিষয়ক আলোচনাৰ অনুষ্ঠান ‘ৰংগচর্চা’, নৃত্য আৰু সংগীতৰ অনুষ্ঠান ‘ৰংগসুধা' আৰু কবিতাৰ ভেটিত নির্মিত চলচ্চিত্ৰৰ উপস্থাপন ‘ৰংগকল্প’ আগবঢ়োৱা হ'ব। উৎসৱৰ উদ্বোধন কৰে নৃত্যাচাৰ্য যতীন গোস্বামীয়ে । আঁতধৰে ৰংগায়নৰ সঞ্চালক সাৰদী শইকীয়াৰ লগতে দিল্লী দূৰদৰ্শনৰ পৰিচিত ঘোষক সাধনা শ্রীবাস্তবে।
No comments:
Post a Comment