এই উদ্যোগটো এয়াৰটেলৰ ফ্লেগশ্বিপ 'মেৰাপেহলা' স্মাৰ্টফোন কাৰ্যসূচীৰ অংশ, যাৰ লক্ষ্য হৈছে অধিক ভাৰতীয়ৰ হাতত উন্নত
মানদণ্ডৰ স্মাৰ্টফোন তুলি ধৰা
W7s news,ষ্টাফৰিপ'ৰ্টাৰ "মেৰাপেহলা" স্মাৰ্টফোন কাৰ্যসূচীৰ অংশ হিচাপে ভাৰতী এয়াৰটেল ("এয়াৰটেল")এ আজি গ্ৰাহকসকলক আপগ্ৰেড কৰি তোলাৰ বাবে আন এটা অভিনৱ পদক্ষেপৰ ঘোষণা কৰিছে। তেওঁলোকে গ্ৰাহকসকলৰ হাতত উন্নত মানদণ্ডৰ স্মাৰ্টফোন তুলি দিব বিচাৰিছে, যাতে হাই স্পীড গতিৰ নেটৱৰ্কত এক বিশ্ব-শ্ৰেণীৰ ডিজিটেল অভিজ্ঞতা উপভোগ কৰিব পাৰে। ইয়াৰ বাবে এয়াৰটেলে ১২,০০০ টকা(কমেও) মূল্যৰ আগশাৰীৰ ব্ৰেণ্ডৰ স্মাৰ্টফোন ক্ৰয়ৰ ওপৰত গ্ৰাহকসকলক ৬,০০০ টকাৰ আকৰ্ষণীয় কেছবেক আগবঢ়োৱাৰ ঘোষণা কৰিছে।১৫০ৰো অধিক স্মাৰ্টফোন হৈছে এই লাভালাভৰ বাবে যোগ্য। হেণ্ডছেটৰ তালিকাৰ বিষয়ে অধিক জানিবলৈ গ্ৰাহকে
https://www.airtel.in/4g-upgrade লগ ইন কৰিলেই সকলো তথ্য লাভ কৰিব পৰিব। ৬০০০ টকাৰ কেছবেক লাভালাভ প্ৰাপ্ত কৰিবলৈ গ্ৰাহক এজনে এয়াৰটেল প্ৰিপেইড পেক ২৪৯ টকাত ৰিচাৰ্জ কৰিব লাগিব। যি পেক (পেক বৈধতা অনুসৰি) ৩৬ মাহ নিৰন্তৰভাৱে চলিব। গ্ৰাহকে দুটা ভাগত কেছবেক লাভ কৰিব। ১৮ মাহৰ পিছত ২০০০ টকাৰ প্ৰথম কিস্তি আৰু বাকী ৪০০০ টকা ৩৬ মাহৰ পিছত।যেনে গ্ৰাহক এজনে ৬০০০ টকা মূল্যৰ এটা ডিভাইচ বাছনি কৰে। শ্বিনে জেনেৰুচ (generous) ডাটা কোটা আৰু আনলিমিটেড কলিঙৰ সুবিধা লাভ কৰে।প্ৰতিটো এয়াৰটেলৰ প্ৰিপেইড ৰিচাৰ্জত উন্নত স্মাৰ্টফোনৰ বাবে এই আনলক সুবিধা থাকিব।
৩৬ মাহৰ শেষত ৬০০০ টকাৰ আকৰ্ষণীয় কেছবেক লাভালাভৰ সৈতে গ্ৰাহকে ডিজিটেলভাৱে সংযোগ হৈ থাকিবলৈ সক্ষম হোৱাৰ সময়ত ডিভাইচটোত কৰা সম্পূৰ্ণ বিনিয়োগ ঘূৰাই পাব।
এই প্ৰ'গ্ৰামটোৰ বাবে বাছনি কৰা গ্ৰাহকসকলক
যিকোনো কাৰণত ডেমেজৰ চাৰ্ভিফাইড কৰা বাবে এবাৰ বিনামূলীয়াকৈ স্ক্ৰীণ ৰিপ্লেচমেন্ট কৰা হ'ব। এই অফাৰে ৪৮০০ টকালৈকে অধিক অতিৰিক্ত ব্যয়ৰ লাভালাভ প্ৰদান কৰিব (আনুমানিক ১২,০০০ টকাৰ স্মাৰ্টফোনৰ বাবে স্ক্ৰীণ ৰিপ্লেচমেন্ট ব্যয়)। এবাৰ গ্ৰাহক এজন যোগ্য হ'লে ৰিচাৰ্জ পেক, স্ক্ৰীণ ৰিপ্লেচমেণ্ট এনৰলমেণ্ট এয়াৰটেল থ্যাংকছ এপ্পত ৯০ দিনৰ সময়ছোৱাৰ ভিতৰত কৰিব পাৰিব।
প্ৰিপেইড ৰিচাৰ্জৰ সৈতে আনলিমিটেড কলিং আৰু জেনেৰুচ ডাটা লাভালাভৰে গ্ৰাহকসকলে
বিভিন্ন ধৰণৰ সুবিধা উপভোগ কৰিব পাৰিব
এক্সক্লুছিভ এয়াৰটেল থেঙক্সত।ইয়াৰ ভিতৰত আছে বিনামূলীয়া ৱিংক, মিউজিক চাবস্ক্ৰীপচন(subscription)আৰু ৩০ দিনৰ ট্ৰাইলৰ সৈতে আমাজন প্ৰাইম ভিডিঅ'ৰ ম'বাইল সংস্কৰণ।এই সন্দৰ্ভত বিপণন আৰু যোগাযোগ সঞ্চালক শাশ্বত শৰ্মা(Shashwat Sharma)ই কয়-, "স্মাৰ্টফোনবোৰ হৈছে এতিয়া এক মৌলিক প্ৰয়োজনীয়তা, বিশেষকৈ মহামাৰীৰ পিছৰ পৃথিৱীত। যিহেতু গ্ৰাহকসকল এতিয়া ডিজিটেল সেৱাৰ পৰিসৰলৈ আগবাঢ়িছে। সমগ্ৰ ভাৰতৰ লাখ লাখ গ্ৰাহকে এটা উন্নত মানদণ্ডৰ স্মাৰ্টফোনত আকাংক্ষা কৰে ভাল অনলাইন অভিজ্ঞতাৰ, আমাৰ উচ্চাকাংক্ষা হৈছে তেওঁলোকৰ বাবে পচন্দৰ ডিভাইচ তুলি ধৰা।"এয়াৰটেলৰ হাই স্পীড ৫জি ৰেডি নেটৱৰ্ক ভাৰতৰ প্ৰতিটো কোণত উপনীত হ'ব, যাৰ দ্বাৰা গ্ৰাহকসকলে ডিজিটেলভাৱে সংযোজিত হৈ থাকিব পাৰে।
No comments:
Post a Comment