গুৱাহাটী প্ৰেছ ক্লাৱত 'আৰক' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 17 October 2021

গুৱাহাটী প্ৰেছ ক্লাৱত 'আৰক' উন্মোচন

 





W7s News ষ্টাফৰিপোৰ্টাৰ : 'চুটি গল্পই এক ইতিবাচক চিন্তাৰ খোৰাক দিয়ে। মন কোমল, যোগাত্মক, ইতিবাচক হৈ থাকিলে ন ন সৃষ্টি সম্ভৱ হৈ উঠে-এইদৰে কয় বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাই।আমোলন প্রকাশনৰ উদ্যোগত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত  লেখক বিজয় সাৰথি শৰ্মাৰ  গ্ৰন্থ 'আৰক' উন্মোচন কৰি বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাই লগতে কয় 'সমাজৰ খণ্ড চিত্ৰকলৈ গল্প লিখাৰ কলম যাতে লেখকৰ থমকি নৰয়। লেখকে এক সুন্দৰ মন লৈ সুন্দৰ সৃষ্টি আমাৰ মাজলৈ উলিয়াই আনিছে। তেওঁ নিয়াৰিকৈ তথা নিখুঁত ভাৱে কাম কৰিবলৈ চেষ্টা কৰে। তেওঁ গল্পসংকলন খনৰ জৰিয়তে সমাজৰ চিত্ৰখন সুন্দৰকৈ ফুটাই তুলিবলৈ সক্ষম হৈছে। সংকল্প, সাধনাৰে এটা লক্ষ্যৰ প্ৰতি অগ্ৰসৰ হলে মনলৈ সফলতা আহে। অসমীয়া বৌদ্ধিক সমাজে লেখকৰ পৰা বহুখিনি আশা কৰিছে।আমাৰ মাজত গ্ৰন্থ কিনাৰ আৰু গ্ৰন্থ উপহাৰ দিয়াৰ প্ৰৱণতা গঢ় লৈ উঠিব লাগে। তেতিয়া অসমৰ সাহিত্যিক জীৱন সমৃদ্ধিশালী হ'ব। চন্দ্ৰাণী শৰ্মাই আঁতধৰা উন্মোচনী সভাত আদৰণি ভাষণ দিয়ে কুলদীপ শৰ্মাই। সভাত গ্ৰন্থখনৰ প্ৰকাশক ৰমেন্দ্ৰ কুমাৰ ভূঞাই চমু বক্তব্য আগবাঢ়ায়। সভাত লেখক বিজয় সাৰথি শৰ্মাই গ্ৰন্থখনৰ আঁৰৰ যথা কয়। লগতে দহটা গল্পৰ এই সংকলনখন সকলোৱে আদৰি ল'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে লেখকৰ মাতৃ ৰঞ্জনা শর্মাই। সভাত উপস্থিত থাকিব নোৱাৰি জ্যেষ্ঠ সাংবাদিক নৰেন হাজৰিকাই এক শুভেচ্ছা বার্তা আগবঢ়ায়। সভাত সুস্মিতা শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়। উন্মোচনী সভাত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here