W7s news,,ষ্টাফ ৰিপৰ্টাৰ,, বহুচৰ্চিত এপলৰ নতুন আইফোন-১৩ গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে। শুকুৰবাৰে মহানগৰীৰ উলুবাৰী আৰু পল্টনবজাৰত থকা ইন টাছ শ্বৰুমত আইফোন মুকলি কৰা হৈছে। ধিং এক্সপ্ৰেছ হিমা দাস আৰু অভিনেত্ৰী ইয়াংকি পৰাশৰে যুটীয়াভাৱে উলুবাৰীত থকা ইন টাছৰ শ্বৰুমত বিভিন্ন মডেলৰ আইফোন ১৩-মিনি,আইফোন -১৩ প্ৰ',আইফোন -১৩ প্ৰ'মেক্স অনুষ্ঠানিক ভাৱে মুকলি কৰে। এই সন্দৰ্ভত হিমা দাসে কয়"-স্মার্ট ফোন সকলোৰে দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে। তেওঁ লগতে কয়"আইফোনৰ মানদণ্ড বৈশিষ্ট্য আৰু অন্যান্য মডেলৰ বাবে বিশেষভাৱে জনাজাত। আনহাতে, শ্ব'ৰুমটোৰ স্বত্বাধিকাৰী পংকজ সুৰানাই এই সন্দৰ্ভত কয়"-অলপতে কেলিফৰ্ণিয়াত এপলৰ নতুন স্মাৰ্টফোন আইফোন -১৩ মুকলি কৰাৰ পিছত আজি গুৱাহাটীৰ ইন টছ শ্বৰুমত মুকলি কৰা হয়। যিসকল গ্ৰাহকে আইফোন -১৩ৰ বাবে পূৰ্বে বুকিং কৰিছিল তেওঁলোকে ৩,৫৫৯ টকালৈকে পুৰষ্কাৰ লাভ কৰিব। আজি বুকিং কৰা গ্ৰাহক সকলক অনুষ্ঠানিক ভাৱে তেওঁলোকৰ পুৰষ্কাৰ প্ৰদান কৰা হয়। তেওঁ লগতে কয়'-কোম্পানীৰ ফালৰ পৰা ৬,০০০ টকালৈকে কেচবেক অফাৰ গ্ৰহণ কৰিছে। ইন টাছ শ্বৰুমত গ্ৰাহকে সুত নিদিয়াকৈ ইএমআইৰ জৰিয়তে সহজে সামগ্ৰী ক্ৰয় কৰিব পাৰিব।নতুনকৈ মুকলি কৰা আইফোন বিভিন্ন মডেলটো হৈছে আইফোন-১৩, আইফোন ১৩-মিনি, আইফোন-১৩ প্ৰ',আৰু আইফোন ১৩-প্ৰ'-মেক্স। আইফোন ১৩-আৰু আইফোন ১৩-মিনি ভাৰতত ৬৯,০০০ টকাৰ পৰা আৰম্ভণি হৈছে। ১২৮জিবি,২৫৬ জিবি আৰু ৫১২ জিবি এৰিয়েন্টত উপলব্ধ হ'ব এই আইফোন। আইফোন ১৩- প্ৰ' আৰু আইফোন ১৩-প্ৰ'-মেক্স ১২৮, জিবি,২৫৬ জিবি,৫১২ জিবি আৰু ১ টিবি ভেৰিয়েন্টত ১,১৯,৯০০ টকাৰ আৰম্ভণি এমআৰপিত উপলব্ধ হ'ব।এই সকলোবোৰ মডেল বিভিন্ন ৰং যেনে-গোলাপী, নীলা, মিডনাইট আৰু ৰঙাত উপলব্ধ।
No comments:
Post a Comment