W7S News: কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰই ( কে ভি কে) ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি আগ্ৰহী কৃষক , যুৱক - যুৱতীসকলে ছাগলী , গৰু , গাহৰি , হাঁহ , মুৰ্গী , বিভিন্ন চৰাইকে ধৰি পশুপালনক জীৱিকাৰ বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । বিশেষকৈ উঠি অহা যুৱক - যুৱতী সকলে যাতে চৰকাৰী চাকৰিৰ পাছত দৌৰি সময় নষ্ট নকৰি কম মূলধন , কম সময় , কম খৰচ , কম ঠাইত বিজ্ঞান সন্মত ভাবে উন্নত মানৰ ছাগলী , গাহৰি , হাঁহ , মুৰ্গী আদি পালন কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰে তাৰ বাবে কে ভি কেৰ পশু চিকিৎসা বিভাগৰ বিশেষজ্ঞা ডঃ ইলাক্ষী ডেকাই বিগত সময়চোৱাত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বহু নিবনুৱা যুৱক -- যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । আনকি ডঃ ডেকাৰ নেতৃত্বত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত পশ্চিম গুৱাহাটী আৰু পলাশবাৰী সমষ্টিৰ কুৰিজন নিৰ্বাচিত নিবনুৱা যুৱকক বিজ্ঞান সন্মতভাৱে ছাগলী পালন কৰি কম সময়ৰ ভিতৰত কিদৰে আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰি তাৰ দুদিনীয়া প্ৰশিক্ষণ দিছিল । ইয়াৰে এদিন কে ভি কে চৌহদত আৰু এদিন গুৱাহাটীৰ কাষৰীয়া বৰ্ণিহাটত থকা অসম চৰকাৰৰ ছাগলী গৱেষণা কেন্দ্ৰত তেওঁলোকক নি প্ৰশিক্ষণ দিয়া হৈছিল । প্ৰশিক্ষণৰ অন্তত তেওঁলোকক গাইপতি বিভিন্ন উন্নত জাতৰ কেবাটাকৈ ছাগলী নিজ ঘৰত পালনৰ বাবে দিয়া হৈছিল । প্ৰায় ডেৰ বছৰৰ পাছত কুৰিজনৰ ভিতৰত পশ্চিম গুৱাহাটীৰ তিনিজন ছাগলী পালক ক্ৰমে ৰাণী বিক্ৰমপুৰৰ জোন ৰাভা , আগছিয়াৰ উজ্বল ভূঞা এৰি মাজিৰগাঁওৰ পংকজ শৰ্মাই বহুখিনী সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে । আনহাতে ক'ভিডকেন্দ্ৰিক পৰিস্থিতিৰ মাজতো ডঃ ইলাক্ষী ডেকাই আটাইকেইজন ছাগলী পালকৰ সৈতে ভাৰ্চুৱেলি ছাগলী পালন সন্দৰ্ভত দিহা পৰামৰ্শ দি আহিছিল । ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ২৫ ছেপ্টেম্বৰত ডঃ ইলাক্ষী ডেকাই নিজে কৰা কষ্ট আৰু প্ৰশিক্ষণত লাভ কৰা অভিজ্ঞতাৰে সফলতাৰ মুখ দেখা তিনিওজন ছাগলী পালকৰ ঘৰলৈ গৈ তেওঁলোকৰ ছাগলী পালন কার্য পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত ডঃ ডেকাই তেওঁলোকক ছাগলী পালন সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শৰ লগতে ছাগলী সমূহক কিদৰে নিৰোগী কৰি ৰাখি মাংস বেছিকৈ উৎপাদনৰে দু পইচা বেছিকৈ পাব পাৰি তাৰ কৌশল সমূহ শিকাই দিয়ে । তিনিওজনৰ ভিতৰত জোন ৰাভাই অধিক সাফল্য লাভ কৰা বাবে ডঃ ইলাক্ষী ডেকাই তেওঁৰ উচ্চ প্ৰশংসা কৰে । উল্লেখযোগ্য যে কে ভি কেৰ প্ৰধান বিজ্ঞানী ডঃ ধীৰেন্দ্ৰনাথ কলিতায়ো জোন ৰাভাক ফোন যোগে শুভেচ্ছা জ্ঞাপন কৰিছে ।
No comments:
Post a Comment