W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী প্ৰেছ ক্লাবত শণিবাৰে জি এন আৰ চি হাস্পতাল আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ ৫০ তকৈও অধিক সাংবাদিক,সংবাদকৰ্মীয়ে স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য পৰীক্ষা শিবিৰত মেডিচিন বিশেষজ্ঞ হিচাপে উপস্থিত থাকি চিকিৎসা প্ৰদান কৰে চিকিৎসক বিনেতা সিঙে। সাংবাদিক সকলৰ দৈনন্দিন খাদ্যাভ্যাসৰ সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰে ডায়েটিচিয়ান নমি মোহনে।
স্বাস্থ্য পৰীক্ষা শিবিৰত সাংবাদিক,সংবাদকৰ্মী সকলৰ ব্লাড ছুগাৰ, ৰক্তচাপ, ই চি জিৰ পৰীক্ষা কৰা হয়।
উল্লেখ্য, ক'ভিডৰ পাছত সৰহ সংখ্যক ৰোগীৰ শৰীৰত দেখা দিয়া বিভিন্ন জটিলতা নিৰাময়ৰ ক্ষেত্ৰত স্বাস্থ্য পৰীক্ষা কৰাটো নিত্যান্তই প্ৰয়োজনীয়। তেনেক্ষেত্ৰত সাংবাদিক সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰেছ ক্লাৱে বিভিন্ন সময়ত সাংবাদিক সকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰি আহিছে বুলি গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে জনায়। এই শিবিৰত জি এন আৰ চি হাস্পতালৰ জনসম্পৰ্কৰক্ষী বিষয়া মৃণাল আলী হাজৰিকা, সদস্য ৰাজীব লেখাৰু, হিমাক্ষী বৰা, অৰূপ দাস, নৱজ্যোতি বৰা, নাজমা পাৰবীন সৰকাৰ, মণিষা কলিতা আদিয়ে
বিশেষ সহযোগিতা আগবঢ়ায়।
No comments:
Post a Comment