কেইবা সহস্ৰাধিক গোপালকৰো অংশগ্ৰহণ
W7s News ষ্টাফৰিপোৰ্টাৰ: অসমৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শেহতীয়া বিধানসভাৰ বাজেট অধিবেশনৰ অন্তিম দিনটোত সম্পূৰ্ণ অগণতান্ত্ৰিক পদ্ধতিৰে কেৱল সংখ্যাৰ জোৰত গো-সংৰক্ষণ বিধেয়ক, ২০২১ খন বিধানসভাৰ মজিয়াত পাছ কৰাই লোৱাৰ প্ৰতিবাদত আৰু এই বিল ততালিকে প্ৰত্যাহাৰৰ দাবীত মঙলবাৰে চি পি আই (এম)দলৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতে উত্তাল প্ৰতিবাদ সংগঠিত কৰা হয়। প্ৰতিবাদ আন্দোলনটোত বিভিন্ন জিলাত ৰাজ্যৰ বহু সংখ্যক গো-পালক আৰু কৃষক ৰাইজেও অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে দৃঢ়মত প্ৰকাশ কৰে যে এইখন বিধেয়ক আইনত পৰিণত হলে অসমৰ অৰ্থনীতিত বেয়াকৈ প্ৰভাৱ পেলাব। বিশেষকৈ কৃষক সমাজ আৰু গো-পালনৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা গ্ৰাম্য অঞ্চলৰ সাধাৰণ ৰাইজ ভীষণভাৱে ক্ষতিগ্ৰস্ত হ'ব। ৰাজ্যৰ গাঁৱলীয়া অৰ্থনীতিৰ বাবে ক্ষতিকৰ, সাম্প্ৰদায়িক উদ্দেশ্যপ্ৰণোদিত আৰু স্বৈৰাতন্ত্ৰিক বিধেয়কখনৰ বিৰুদ্ধে চি পি আই (এম) দলে আৰম্ভণিৰে পৰাই এই জনবিৰোধী বিলৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে বিধান সভাৰ মজিয়াতো দলৰ বিধায়কজনে সংশোধনী আনি তীব্ৰ বিৰোধিতা কৰিছিল আৰু পুংখানুপুংখ বিশ্লেষণৰ বাবে বিধানসভাৰ চিলেক্ট কমিটিলৈ প্ৰেৰণৰ দাবী উত্থাপন কৰিছিল। কিন্তু চৰকাৰে অসমৰ অৰ্থনীতি আৰু গো-পালক তথা কৃষকৰ ওপৰত পৰিব পৰা প্ৰভাবক সম্পূৰ্ণ উপেক্ষা কৰি একমাত্ৰ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে বিলখন ততাতৈয়াকৈ পাছ কৰে।
জনস্বাৰ্থবিৰোধী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ হিচাপে চলিত বছৰৰ পহিলা ছেপ্টেম্বৰৰ পৰা চি পি আই (এম) দলে সমগ্ৰ ৰাজ্যত পষেকজোৰা প্ৰচাৰ অভিযান আৰু আন্দোলন সংগঠিত কৰে। এই আন্দোলনৰ অংশ হিচাপেই মঙলবাৰে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজধানী চহৰ গুৱাহাটীৰ গুৱাহাটী ক্লাব ৰ'টাৰী পইণ্টত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। কামৰূপ (মহানগৰ) জিলাৰ উদ্যোগত আৰু ৰাজ্যিক কেন্দ্ৰৰ সহযোগত আনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। চি পি আই (এম)ৰ জিলা সম্পাদক শতঞ্জীৱ দাসে আঁত ধৰা কাৰ্যসূচীত পাৰ্টিৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্যই গো-সংৰক্ষণ বিলৰ তীব্ৰ প্ৰতিবাদ জনাই বক্তব্য ৰাখে। ভাষণ প্ৰসংগত তেওঁ কয়, এই বিলখনে অসমৰ অৰ্থনীতিত ব্যাপক প্ৰভাব পেলাব আৰু জনসাধাৰণৰ মাজত সাম্প্ৰদায়িক বিভাজন আৰু সংঘাতৰ পথ মুকলি কৰিব।
বিধেয়কৰ বিৰুদ্ধে মঙলবাৰে ৰাজধানী চহৰ গুৱাহাটীৰ উপৰি উজনি অসম, নামনি অসম আৰু বৰাক উপত্যকাকে ধৰি সৰ্বত্ৰ প্ৰতিবাদ হয়। সৰভোগ, বঙাইগাঁও, বৰপেটা, কলগাছিয়া, বৰপেটা ৰোড, পাঠশালা, সৰুক্ষেত্ৰী, বণিয়াকুছি, নলবাৰী, ৰঙিয়া, তেজপুৰ, বিশ্বনাথ চাৰিআলি, ধেমাজি, ঢকুৱাখনা, তিনিচুকীয়া, যোৰহাট, দেৰগাঁও, নগাঁও, হোজাই, শিলচৰ, কৰিমগঞ্জ, গোৱালপাৰাত বিশাল প্ৰতিবাদী সভাৰ লগতে শোভাযাত্ৰা অনুষ্ঠিত হয়। তদুপৰি পাৰ্টিৰ প্ৰায়বোৰ জিলা অথবা আঞ্চলিক কমিটিয়ে জিলা উপায়ুক্ত, মহকুমাধিপতি, চক্ৰ বিষয়া আদিৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰি বিধেয়কখনত স্বাক্ষৰ কৰাৰ সলনি ইয়াক প্ৰত্যাহাৰৰ উদ্যোগ লবলৈ দাবী জনোৱা হয়। আজিৰ প্ৰতিবাদী কাৰ্যসূচী সফল কৰি তোলাৰ বাবে চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যবাসীলৈ অভিনন্দন জনাইছে। গো-সংৰক্ষণ বিধেয়কখন অবিলম্বে প্ৰত্যাহাৰ নকৰিলে অহা দিনবোৰত ঐক্যবদ্ধ আন্দোলন তীব্রতৰ কৰাৰ বাবেও পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে সৰ্বস্তৰৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শক্তিসমূহৰ প্ৰতি আহ্বান জনাইছে।
No comments:
Post a Comment