বিশিষ্ট নেতা শ্যামল ৰায়ৰ স্মৰণত এক শোক সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 22 August 2021

বিশিষ্ট নেতা শ্যামল ৰায়ৰ স্মৰণত এক শোক সভা

 




W7s News ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটীৰ কামৰূপ মহানগৰৰ নটবমাস্থিত ফৰৱাৰ্ড ব্লকৰ কাৰ্যালয়ত দেওবাৰে প্ৰয়াত নেতা শ্যামল ৰায়ৰ স্মৰণত এক শোক সভা অনুষ্ঠিত হয়। অসম নিৰ্মাণ শ্ৰমিক সন্থা, উত্তৰ পূৰ্ব ভাৰত বাংলা সাহিত্য সভাৰ লগতে ফৰৱাৰ্ড ব্লকৰ নেতৃত্ব অংশগ্ৰহণ কৰে।সভাৰ সভাপতিত্ব কৰে মটিউৰ ৰহমানে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিশেষ অনুগামী আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা শ্যামল ৰায় আগৰতলা চহৰত ৩ জানুৱাৰী১৯৫২ ত জন্মগ্ৰহণ কৰিছিল।তেওঁ ১৭ আগষ্টত নিশা ১০.১৫ বজাত আগৰতলা চহৰৰ চিকিৎসা লয়ত মৃত্যুবৰণ কৰে।তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পিছত বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞজনৰ মাজত শোকৰ ছাঁ নামি আহিছে। দেওবাৰে তেওঁৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি ৰহমান উল্লেখ কৰে, তেওঁ ভাষা সংস্কৃতিৰ চৰ্চা নকৰিলে সমাজৰ উন্নয়ন সম্ভৱ নহয় বুলি গণ্য কৰিছিল।তেওঁ আজীৱন অবিবাহিত থাকি মা কামাখ্যাৰ  বিশেষ আৰাধনা কৰিছিল।বামপন্থী ৰাজনীতিত থাকি সামাজিক জীৱনত স্পষ্টবাদীৰ ভূমিকা গ্ৰহণ কৰি ছিল।তেওঁৰ আত্মাৰ শান্তি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়।তেওঁৰ স্মৃতিত শোক সভাত অংশ গ্ৰহণ কৰি সকলোযে তেওঁৰ প্ৰতিকৃতিত  শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here