গুৱাহাটী আৰু হাফলঙৰ মাজত পৰ্যটকৰ বাবে চলিব বিশেষ ভিষ্টাডোম ৰেল সেৱা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 26 August 2021

গুৱাহাটী আৰু হাফলঙৰ মাজত পৰ্যটকৰ বাবে চলিব বিশেষ ভিষ্টাডোম ৰেল সেৱা




W7S News: ষ্টাফ ৰিপোৰ্টৰ: গুৱাহাটী : ক'ভিডকেন্দ্ৰিক পৰিস্থিতিৰ কিছু উন্নতি হোৱাৰ পৰিপ্ৰেক্ষিতত  দেশজুৰি পৰ্যটনথলী  সমূহ পৰ্যটকৰ বাবে মুকলি কৰা কাৰ্য্য আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ।  আনকি নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ পৰ্যটনথলী সমূহো অহা ছেপ্টেম্বৰ মাহৰ পৰা কিছু নীতি নিয়মৰ মাজেৰে খোলা হব বুলি কেবাখনো ৰাজ্য চৰকাৰে ঘোষণা কৰিছে । ইফালে অঞ্চলটোত পৰ্যটকৰ ক্ষেত্ৰ খনক নতুন মাত্ৰা দিবলৈ আগবাঢ়ি আহিছে উত্তৰ পূৱ  সীমান্ত ৰেলৱে  চমুকৈ এন এফ ৰেলৱে কৰ্তৃপক্ষ । এন এফ ৰেলৱে  কৰ্তৃপক্ষই প্ৰথম বাৰৰ বাবে পৰ্যটকৰ সুবিধাৰ্থে উত্তৰ পূবত মুকলি কৰিছে ভিষ্টাডোম নামৰ এখন বিশেষ  ৰেল সেৱা। এই ৰেল সেৱাৰ জৰিয়তে অসমৰ   পৰ্যটনথলী  সমূহৰ ভিতৰত অন্যতম  নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাচাও জিলাৰ সদৰ  হাফলঙলৈ গুৱাহাটীৰ পৰা অহা ২৮ আগষ্টৰ পৰা সপ্তাহত দুদিনকৈ ভিষ্টাডোম ৰেল সেৱা আৰম্ভ কৰিব । এই বিশেষ সা সুবিধাযুক্ত বিশেষ ৰেলখন প্ৰথম পৰ্যায়ত  শনিবাৰ  আৰু  বুধবাৰে গুৱাহাটী - হাফলঙৰ মাজত চলাচল কৰিব ।  ইয়াৰ আসন সমূহ দবাত এনেকৈ ৰখা হৈছে যে পৰ্যটকে নিজৰ সুবিধা অনুসৰি কাৰো অসুবিধা নোহোৱাকৈ চাৰিওফালে ঘূৰাই লৈ ডিমা হাচাও জিলাৰ  পাহাৰৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব  । ৰেলখন নিৰ্দিষ্ট দিনত পুৱা ৬.৩৫ বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰিব আৰু প্ৰায় চাৰে পাঁচ ঘণ্টাৰ অন্তত দুপৰীয়া ১১.৫৫ বজাত গৈ নিউ হাফলং ষ্টেচন পাব । তেনেদৰে সন্ধিয়া ৫ বজাত নিউ হাফলঙৰ পৰা যাত্ৰা আৰম্ভ কৰি নিশা ১০.৪৫ বজাত আহি গুৱাহাটী ৰেল ষ্টেচন পাব । ৰেলখনৰ দবাসমূহো অতি আকৰ্ষণ আৰু আটক ধুনীয়াকৈ  নিৰ্মাণ কৰা হৈছে । অৱশ্যে ৰেলখনৰ ভিষ্টাডোম দবাত যাত্ৰা কৰিলে অহা যোৱাৰ বাবদ প্ৰায় ২,২৫০ টকা আৰু এ চি চেয়াৰ কাৰত  যাত্ৰা কৰিলে অহা যোৱাৰ বাবদ প্রায় ৯৫০ টকা ভৰিব লাগিব । অৱশ্যে যাত্রী সকলে ইচ্ছা কৰিলে একমুখী যাত্ৰাও কৰিব পাৰিব । এই সন্দৰ্ভত  গুৱাহাটী ষ্টেচনত বৃহস্পতিবাৰে আয়োজিত এক সংবাদ মেলত  উত্তৰ পূব সীমান্ত ৰেলৱেৰ  মহাপ্ৰৱন্ধক  অংশুল  গুপ্তাই কয় এই বিশেষ ভিষ্টাডোম ৰেলসেৱা মুকলি হোৱাৰ পাছত পৰ্যটকৰ সোঁত বব । পৰৱৰ্তী সময়ত ৰেলখনত যাত্ৰা কৰা পৰ্যটক বা যাত্ৰীৰ সংখ্যা বৃদ্ধি পালে চলাচল কৰা দিনৰ সংখ্যা বৃদ্ধি কৰা হব । যাত্ৰা পথত  মান্দেৰদিছা আৰু মাইবাং ষ্টেচনত  ষ্টপেজ থাকিব ।   ভিষ্টাডোম ডবাৰ সৈতে  এই  ৰেলখনত  শীত তাপ নিয়ন্ত্ৰণত চেয়াৰ কাৰো থাকিব , যি কেৱল অগ্ৰিম  টিকট বুকিঙৰ  আধাৰত  বিশেষভাৱে  সংৰক্ষিত সেৱা মুকলি থাকিব বুলি মহা প্ৰৱন্ধক অংশুল গুপ্তাই সদৰি কৰে । সংবাদ মেলত অতিৰিক্ত মহা প্ৰবন্ধক ৰাহুল গৌতম , উপ মহা প্ৰবন্ধক প্ৰণৱ জ্যোতি শৰ্মা , মূখ্য জনসম্পৰ্ক ৰক্ষী বিষয়া গুনীত কৌৰকে ধৰি এন এফ ৰেলৱেৰ কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । উল্লেখ্য যে এই ৰেলখনত যাত্ৰা কৰিব বিচৰা সকলে  ৰেলৱে ষ্টেচনসমূহত উপলব্ধ থকা টিকট আৰক্ষণ কেন্দ্ৰসমূহৰ  জৰিয়তে টিকটৰ অগ্ৰিম বুকিং কৰিব পাৰিব।  নাইবা "https://www.irctc.com.in" ৱেব প'ৰ্টেলতো  টিকটৰ অনলাইন বুকিং উপলব্ধ হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here