৫০ শতাংশ ভাৰা বৃদ্ধিৰে পহিলা ছেপ্টেম্বৰৰ পৰা বাছ সেৱা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 23 August 2021

৫০ শতাংশ ভাৰা বৃদ্ধিৰে পহিলা ছেপ্টেম্বৰৰ পৰা বাছ সেৱা

 





W7s News ষ্টাফৰিপোৰ্টাৰ :৫০ শতাংশ ভাৰা বৃদ্ধিৰে পহিলা ছেপ্টেম্বৰৰ পৰা বাছ সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ এই বাছ ভাৰা বৃদ্ধিৰ পোষকতা কৰিছে মটৰ পৰিবহণ সন্থাই৷ বেচৰকাৰী বাছসমূহৰ ভাৰা যদিহে চৰকাৰে ৭০ শতাংশ বৃদ্ধি নকৰে তেন্তে সন্থাই নিজাববীয়াকৈ ৫০ শতাংশ ভাৰা বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰিব৷ দেওবাৰে তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাই এই সিদ্ধান্ত ঘোষণা কৰাৰ লগতে এলানি দাবীও উত্থাপন কৰে৷ লকডাউন সদৃশ পৰিস্থিতিত ৰাজ্যত বাছ সেৱা বিগত প্রায় ৪ মাহ বন্ধ হৈ থকাত ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ দোহাই দি মটৰ পৰিবহণ সন্থাই এই কথা সদৰী কৰিছে৷ গাড়ীসমূহৰ বীমাৰ ম্যাদ এবছৰলৈ বৃদ্ধি আৰু ৰ’ড টেক্সৰ পৰা বাছ মালিকসকলক ৰেহাই দিবলৈ সন্থাই দাবী উত্থাপন কৰিছে৷বাছ ভাৰা বৃদ্ধিৰ প্রস্তাৱে তুমুল প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷পৰিবহণ বিভাগে এই ক্ষেত্রত কি ভূমিকা লয় লক্ষণীয় হ’ব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here