এইচ.ডি.এফ.চি. চিকিউৰিটিজ হৈছে কুত আত্মপ্ৰকাশ কৰা প্ৰথম ভাৰতীয় ব্ৰোকাৰেজ হাউচ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 20 August 2021

এইচ.ডি.এফ.চি. চিকিউৰিটিজ হৈছে কুত আত্মপ্ৰকাশ কৰা প্ৰথম ভাৰতীয় ব্ৰোকাৰেজ হাউচ

 


W7s News নতুন দিল্লী: ভাৰতৰ আগশাৰীৰ অন্যতম ব্ৰোকিং হাউচ এইচ.ডি.এফ.চি. চিকিউৰিটিজে ইয়াৰ গ্ৰাহকসকলৰ সৈতে সংযুক্ত হ'বলৈ মাইক্ৰ'ব্লগিং মঞ্চ-কুত আত্মপ্ৰকাশ কৰে আৰু বিত্তীয় সাক্ষৰতাৰ ব্যাপক সৃষ্টি তৈয়াৰ কৰিবলৈ সক্ষম হয়। ভাৰতৰ নতুন ছ'চিয়েল মিডিয়া মঞ্চৰ সুবিধা লৈ, @hdfcsec হেণ্ডেল ব্যৱহাৰ কৰি তেওঁলোকে ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাত গ্ৰাহকৰ সৈতে বাৰ্তালাপ কৰিব।

এইচ.ডি.এফ.চি. চিকিউৰিটিজৰ চিএমঅ' আৰু চিডিঅ' গগন চিংলাই সংগঠনটোত কয়, "কুত আমাৰ উপস্থিতিক লৈ আমি অতি উৎসাহিত। কুৰ বহুভাষিক প্ৰদানৰ জৰিয়তে, আমি আঞ্চলিক ভাষাত সমল প্ৰস্তুত কৰি মূলধন বজাৰৰ বক্ৰ-শিক্ষা হ্ৰাস কৰিব বিচাৰো। মই বিশ্বাস কৰোঁ যে বিশ্বব্যাপী শ্বেয়াৰ বজাৰৰ অংশগ্ৰহণৰ স্তৰৰ সৈতে আমাৰ দেশক ক্ৰমান্বয়ে মিলাই ভাৰতীয়সকলক ইকুইটি বিনিয়োগৰ সৈতে সংযোগ কৰাত 'ভাষা'ই এক বৃহৎ ভূমিকা পালন কৰিব, । আমাৰ প্রধান লক্ষ্য হৈছে গ্ৰাহকসকলৰ বাবে আমাৰ সমলৰ শব্দাৱলী মুক্ত, সম্পৰ্কিত আৰু কাৰ্যকৰী কৰি ৰখা - তেওঁলোকক আমাৰ গৱেষণা আৰু গভীৰ বজাৰৰ বুজাবুজিৰ সুবিধা লোৱাত সহায় কৰা।" 

কুত চিকিউৰিটিজৰ আত্মপ্ৰকাশৰ সন্দৰ্ভত কুৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অপ্ৰমেয় ৰাধাকৃষ্ণই কয়, "ইংৰাজীকে ধৰি আঠটা ভাৰতীয় ভাষা সমৰ্থন কৰা কু মঞ্চত এইচ.ডি.এফ.চি. চিকিউৰিটিজৰ প্রবিষ্টি এক উপযুক্ত সময়ত হৈছে। যিহেতু কোম্পানীটোৱে ভাৰতৰ ভিতৰুৱা অঞ্চলসমূহত আৰু ডিজিটেল ব্যৱসায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে, সেয়ে কু হৈছে, নিজ মাতৃভাষাত কথা কোৱা আৰু চিন্তা কৰা ভাৰতীয়সকলৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰাৰ বাবে এক প্ৰাকৃতিক অংশীদাৰ।

তদুপৰি, কুৰ সহ-প্ৰতিষ্ঠাপক মায়াংক বিদাৱটকাই কয়, "বিত্তীয় লেনদেন ডিজিটাইজ কৰাটো ডিজিটেল ইণ্ডিয়া অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ। কুত এইচ.ডি.এফ.চি. চিকিউৰিটিজৰ উপস্থিতিয়ে ভাৰতৰ অন্যতম বৃহৎ ব্ৰোকাৰেজ হাউচক গ্ৰাহকসকলৰ সৈতে তেওঁলোকৰ ভাষাত যোগাযোগ কৰাৰ বিশেষ সুযোগ প্রদান কৰিব, যাৰ ফলত ভাৰতক ডিজিটেল কৰাৰ লক্ষ্য আৰু আগবাঢ়িব।"কু কেনেদৰে ডাউনলোড কৰিব: এপটো ব্যৱহাৰকাৰীসকলৰ বাবে ম'বাইল এপ ষ্টোৰত ডাউনলোড কৰিবলৈ উপলব্ধ। ব্যৱহাৰকাৰীসকলৰ ওচৰত তেওঁলোকৰ ম'বাইল নম্বৰ বা ইমেইল আইডি ব্যৱহাৰ কৰি পঞ্জীয়ন কৰাৰ বিকল্প আছে। পঞ্জীয়ন সম্পূৰ্ণ হোৱাৰ পিছত, তেওঁলোকে তেওঁলোকৰ প্ৰিয় চেলিব্ৰিটি, এথলীট, ৰাজনীতিবিদ, মনোৰঞ্জনকাৰী আৰু কুত চিন্তা প্রকাশ কৰা নেতাসকলক অনুসৰণ কৰিব পাৰিব। কুৱে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ মাতৃভাষাত যোগাযোগ কৰিবলৈ অনুমতি দি ক্ষমতা প্ৰদান কৰে, যদি তেওঁলোকে বিচাৰে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here