গুৱাহাটীত টাটা অলট্ৰ'জৰ ডাৰ্ক সংস্কৰণ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 21 August 2021

গুৱাহাটীত টাটা অলট্ৰ'জৰ ডাৰ্ক সংস্কৰণ মুকলি

 




W7s News ষ্টাফৰিপোৰ্টাৰ: ভাৰতৰ অন্যতম আগশাৰীৰ বাহন নিৰ্মাতা কোম্পানী টাটা মটৰ্ছে আজি এআইডিচিস্থিত নতুন ডিলাৰ কামাখ্যা মটৰ্ছত Altroz ৰ ডাৰ্ক সংস্কৰণ মুকলি কৰে। শনিবাৰে Tata Altroz বাহনখনৰ ডাৰ্ক সংস্কৰণটোৰ শুভ উদ্বোধন কৰে টাটা মটৰ্চৰ আঞ্চলিক প্ৰবন্ধক সৌমেন পল আৰু অৰুণোদয় কেন্দ্ৰৰ আঞ্চলিক প্ৰৱন্ধক জ্ঞান দলে। লগতে এই অনুষ্ঠানত অসম অৰুণোদয় কেন্দ্ৰৰ আঞ্চলিক প্ৰৱন্ধক মহেশ মোহন, টিএছএম ঋশি খেমকা, চিএমডি মদন মালহোট্ৰা, এমডি ৰোহিত মালহোট্ৰা, চিইঅ' যোগেশ মালহোট্ৰা আৰু বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷উল্লেখ্য যে নতুন টাটা অলট্ৰ'জৰ ডাৰ্ক সংস্কৰণৰ প্ৰাৰম্ভিক মূল্য হৈছে  ৮.৭ লাখ টকা।টাটা মটৰ্ছে মুকলি কৰা ডাৰ্ক ৰেঞ্জৰ ভিতৰত থকা আন আন বাহনসমূহ হৈছে - ভাৰতৰ আটাইতকৈ সুৰক্ষিত প্ৰিমিয়াম হেট্চ্ববেক অলট্ৰ'জ, ভাৰতৰ প্ৰথম GNCAP ৫ ষ্টাৰ ৰেটেড কাৰ নেক্সন, লেণ্ড ৰোভাৰ ডিএনএৰ সৈতে ইয়াৰ প্ৰিমিয়াম এছইউভি হেৰিয়াৰ আৰু ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা যাত্ৰীবাহী বৈদ্যুতিক বাহন নেক্সন ইভি।ইতিমধ্যে এই ডাৰ্ক ৰেঞ্জ টাটা মটৰ্ছৰ সকলো ডিলাৰশ্বিপতে উপলব্ধ আৰু বুকিংৰ বাবে মুকলি কৰা হৈছে। সম্পূৰ্ণ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীটোৱে গ্ৰাহকসকলৰ সুবিধা হোৱাকৈ টায়াৰ পাংচাৰ মেৰামতি কিট এটাও প্ৰৱৰ্তন কৰিছে।অলট্ৰ'জ ডাৰ্ক: অলট্ৰ'জ সদায়ে ইয়াৰ ভৱিষ্যতৰ ডিজাইন আৰু ষ্টাইলৰ বাবে প্ৰশংসিত হৈ আহিছে। অলট্ৰ'জ ডাৰ্কৰ টপ লাইন ভেৰিয়েণ্টৰ নতুন মডেলটো এটা নতুন কছমো ব্লেক এক্সটেৰিয়ৰ বডীত উপলব্ধ আৰু R16 এলয় হুইলত আহে। লগতে বাহনখনৰ ইণ্টেৰিয়ৰটো গ্ৰেনাইট ব্লেকৰ সৈতে মেটেলিক গ্লছ ব্লেক মিড পেডে বাহনখন অলট্ৰ'জ ডাৰ্কৰ প্ৰিমিয়াম বৃদ্ধি কৰে। অলট্ৰ'জ ডাৰ্কৰ পেট্ৰ'ল সংস্কৰণৰ টপ ভেৰিয়েণ্টটো  XZ+ ত উপলব্ধ।নেক্সন ডাৰ্ক: নেক্সনে ইয়াৰ ডাৰ্ক ব্লেক  R16 এলয়, ডাৰ্ক মাস্ক'ট, আৰু মেট গ্ৰেনাইট ব্লেক ক্লেডিঙৰ সৈতে বাহিৰতো হাইলাইট কৰে। নতুন নেক্সন ডাৰ্ক বাহনখন পেট্ৰ'ল আৰু ডিজেল ইন্ধন দুয়োটা বিকল্পতে XZ+, XZA+, XZ+(O) & XZA+(O)উপলব্ধ।  নেক্সন ইভি ডাৰ্ক: নেক্সন ইভি ডাৰ্ক বাহনখন Nexon EV XZ+ আৰু XZ+ LUX ভেৰিয়েণ্টত উপলব্ধ। এই সংস্কৰণবোৰে চেটিন ব্লেক হিউমেনিটি লাইন আৰু বেল্টলাইন,  ডাৰ্ক মাস্ক'ট আৰু এটা অল-নিউ চাৰ্কোল গ্ৰে এলয় হুইলৰ সৈতে উপলব্ধ হ'ব। বাহনখনত  getiTPMS (টায়াৰ প্ৰেচাৰ মনিটৰিং চিষ্টেম) আছে। ইয়াৰ উপৰিও, Nexon EV XZ+ ভেৰিয়েণ্টত কাপ-হোল্ডাৰ, 60:40 পিছফালৰ চিট-স্প্লিট আৰু এডজাষ্টেবল ৰিয়াৰ চিট হেডৰেষ্ট সন্নিৱিষ্ট।হেৰিয়াৰ ডাৰ্ক:  হেৰিয়াৰ ডাৰ্কৰ অবেৰন ব্লেক ৰঙে হেৰিয়াৰক আকৰ্ষণীয় লুক দিয়ে। লগতে হেৰিয়াৰৰ R18 ব্লেকষ্টোন এলয়বোৰে ইয়াৰ সৌন্দৰ্য বৃদ্ধি কৰে। হেৰিয়াৰ ডাৰ্ক -XT+, XZ+ & XZA+ ত উপলব্ধ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here