অসম কন্যা লাভলিনা বৰগােহাঁইৰ বিজয় কামনাৰে নেহৰু ষ্টেডিয়ামত আয়ােজিত বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্রহণ কৰিলে মুখ্যমন্ত্ৰীয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 3 August 2021

অসম কন্যা লাভলিনা বৰগােহাঁইৰ বিজয় কামনাৰে নেহৰু ষ্টেডিয়ামত আয়ােজিত বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্রহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

 



W7s News ষ্টাফৰিপোৰ্টাৰ : অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত এগৰাকী অসমীয়া হিচাপে প্ৰথমটো পদক নিশ্চিত কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰা অসম কন্যা লাভলিনা বৰগােহাঁয়ে কাইলৈ ছেমি ফাইনেলতঅৱতীৰ্ণ হ'ব। এই বিশেষ দিনটোৰ প্ৰাক্সন্ধ্যা খেলুৱৈগৰাকীক শুভেচ্ছা জনােৱাৰ লগতে তেওঁৰ বিজয় কামনাৰে নেহৰু ষ্টেডিয়ামত আয়ােজিত এক বন্তি প্ৰজ্বলন কাৰ্যসূচীত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে। লৌহপুৰুষ ৰাধাগােবিন্দ বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত এগছি বন্তি প্রজ্বলনেৰে তেওঁ এইকার্যসূচীৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা খেলুৱৈসকলৰ সৈতেও বার্তালাপ কৰে। ইয়াৰ পিছতে সাংবাদিকসকলৰ সৈতে হােৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে কাইলৈ পুৱা ১১বজাত ছেমি ফাইনেলত অৱতীৰ্ণ হ'বলগীয়া অসম জীয়ৰী লাভলিনা বৰগােহাঁইৰ বিজয় কামনাৰে আজিৰ এই বিশেষ কার্যসূচী হাতত লােৱা হৈছে। কাইলৈৰ এই বিশেষ দিনটোৰ পুৱা নিজগৃহত এগছিকৈ বন্তি প্রজ্বলনেৰে লাভলিনা বৰগােহাঁইৰ হৈ প্রার্থনা জনাবলৈ তেওঁ অসমবাসী ৰাইজৰ প্রতি আহ্বান জনায়।এই কাৰ্যসূচীত ক্রীড়া মন্ত্রী বিমল বৰা, জনসংযােগ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকা, নগৰ উন্নয়ন বিভাগৰ মন্ত্রী অশােক সিংহল, ৰাজহ মন্ত্রী যােগেন মহন আৰু কেইবাগৰাকীও বিধায়কৰ লগতে অসম অলিম্পিক সন্থা তথা ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিষয়ববীয়াসকলকে ধৰি প্ৰশাসনৰ শীর্ষ বিষয়াসকলে অংশগ্রহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here