ৰিলায়েন্স নিপ্পন জীৱন বীমাই ২০২১বিত্তীয় বৰ্ষত অংশগ্ৰহণকাৰী পলিচিধাৰকলৈ ৩০৬.৮৮ কোটি টকাৰ বোনাচ ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 8 July 2021

ৰিলায়েন্স নিপ্পন জীৱন বীমাই ২০২১বিত্তীয় বৰ্ষত অংশগ্ৰহণকাৰী পলিচিধাৰকলৈ ৩০৬.৮৮ কোটি টকাৰ বোনাচ ঘোষণা

 


W7s News, ষ্টাফৰিপোৰ্টাৰ : ৰিলায়েন্স কেপিটেল আৰু নিপ্পন জীৱন বীমা, জাপানৰ এক যৌথ উদ্যোগ ৰিলায়েন্স নিপ্পন জীৱন বীমা কোম্পানী লিমিটেডে ২০২১ বিত্তীয় বৰ্ষত অংশগ্ৰহণকাৰী পলিচিধাৰকসকলৰ (policyholders)বাবে বোনাচৰূপে ৩০৬.৮৮ কোটি টকা আগবঢ়োৱাৰ ঘোষণা কৰিছে। ২০২১ৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষটোত কোম্পানীটোৱে কৰ হিচাপে লাভ কৰিছিল ৫০ কোটি টকাৰ লাভাংশ। এক শক্তিশালী বিত্তীয় প্ৰদৰ্শনৰ বাবে এই বোনাচটো ঘোষণা কৰিছে।এই ঘোষণা অনুসৰি ৩১ মাৰ্চ, ২০২১ লৈ জৰিত থকা সকলো অংশগ্ৰহণকাৰী পলিচিক বোনাচ ঘোষণা সৈতে কৃতিত্ব দিয়া হৈছে। ৰিভাৰ্চনেৰী (reversionary)

বোনাচ থকা পলিচিৰ বাবে, এই ঘোষণাই মৃত্যু আৰু পৰিপক্কতা (Maturity)ৰ ওপৰত লাভালাভৰ গেৰাণ্টি বৃদ্ধি কৰিব। এই বোনাচটো ২০২০-২১ বিত্তীয় বৰ্ষত কোম্পানীটোৰ দ্বাৰা অর্জন কৰা লাভৰ পৰা অংশগ্ৰহণকাৰী পলিচিধাৰকক পুঁজি পৰিশোধ কৰা হয়।এই বোনাচৰ ফলত লাভম্বিত হ'ব ৰিলায়েন্স নিপ্পন লাইফৰ ৬,৮৫,০০০ অংশগ্ৰহণকাৰী পলিচিধাৰক। কোম্পানীটোৱে যোৱা ১৭ বছৰে নিয়মীয়াকৈ বোনাচ ঘোষণা কৰি আহিছে আৰু ঘোষণা কৰা বোনাচবোৰে গ্ৰাহকসকলক  

নিয়মীয়াকৈ তেওঁলোকৰ প্ৰিমিয়াম পৰিশোধ কৰা আৰু সমগ্ৰ পলিচিৰ ম্যাদ নোহোৱা পৰ্যন্ত বিনিয়োগ কৰি থকাত এক উদগনি হিচাপে কাম কৰে।এই উপলক্ষে ৰিলায়েন্স নিপ্পন লাইফৰ মুখ্য কাৰ্যবাহী বিষয়া(চি ই অ') আশীষ ভোহৰা (Ashish Vohra)ই কয়, "সামঞ্জস্যপূৰ্ণভাৱে বছৰি বৃদ্ধি হৈ থকাকলৈ আমি নিজৰ ওপৰত গৌৰৱ অনুভৱ কৰোঁ। যি হৈছে গ্ৰাহকে আমাৰ ওপৰত দেখুৱা বিশ্বাসৰ এক স্পষ্ট নিদৰ্শন। মহামাৰীৰ ফলত বাঢ়ি অহা অনিশ্চয়তাৰ মাজত, আমি দৃঢ়ভাৱে গ্ৰাহকসকলক সহায় কৰিবলৈ তেওঁলোকৰ কাষ চাপো আৰু তেওঁলোকৰ এক আৰ্থিকভাৱে সুৰক্ষিত ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত দৃঢ় সমৰ্থনৰ আশ্বাস দিওঁ। জীৱন বীমা কোম্পানী হিচাপে সামাজিক অভিযান পালন কৰো।বিভিন্ন অংশগ্ৰহণকাৰী পলিচিৰ বাবে ঘোষণা কৰা বোনাচৰ হাৰ হৈছে গ্ৰাহকসকলক এক উৎকৃষ্ট মূল্য প্ৰদান কৰাৰ বাবে আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ সাক্ষ্য।"অংশগ্ৰহণকাৰী পলিচিৰ অধীনত ঘোষণা কৰা বোনাচবোৰে আমাৰ গ্ৰাহকসকলক তেওঁলোকৰ দীৰ্ঘম্যাদী জীৱনৰ লক্ষ্য পূৰণত সহায় কৰে।আনহাতে পৰিপক্কতা বা বীমা পৰিমাণ হিচাপে আগবঢ়োৱা গেৰাণ্টিযুক্ত ৰিটাৰ্ণ অফাৰে

পলিচিধাৰকৰ মৃত্যুত তেওঁলোকক প্ৰিয়জনৰ বাবে কাইলৈৰ আৰ্থিক ভৱিষ্যত সুৰক্ষিত কৰাটো নিশ্চিত কৰে। ৰিলায়েন্স নিপ্পন জীৱন বীমা হৈছে ভাৰতৰ আগশাৰীৰ আৰু বিশ্বাসী ব্যক্তিগত জীৱন বীমা কোম্পানী, যাৰ পৰিচালনাৰ অধীনত মুঠ সম্পত্তি (এইউএম) ২৪,৩৮৩ কোটি টকা, মুঠ বীমা পৰিমাণ ৭৮,৮৪৭ কোটি টকা আৰু ২০২১ চনৰ ৩১ মাৰ্চলৈ দাবী নিষ্পত্তি অনুপাত ৯৮.৪৮%।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here