অগপ ছাত্ৰ পৰিষদ, কৃষক পৰিষদৰ সভা শক্তিশালী আঞ্চলিকতাবাদে সুৰক্ষিত কৰিব অসমঃ অতুল বৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 28 July 2021

অগপ ছাত্ৰ পৰিষদ, কৃষক পৰিষদৰ সভা শক্তিশালী আঞ্চলিকতাবাদে সুৰক্ষিত কৰিব অসমঃ অতুল বৰা

 



W7s News : নিউজ ডেস্ক:  আজি অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কায্যালয়ত অসম ছাত্ৰ পৰিষদ আৰু অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দুখনকৈ সভা অনুষ্ঠিত হয়। ছাত্ৰ পৰিষদৰ সভাত ‘মিছন ১০০০‘ শীৰ্ষক এক কাৰ্যসূচীৰ জৰিয়তে অসমৰ যুৱক যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলক অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিবলৈ লক্ষ্য স্থিৰ কৰা হৈছে। এই কাযসূচীৰ শুভাৰম্ভ কৰে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। ভাষণ প্ৰসংগত সভাপতি বৰাই কয়, এখন সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকল বিভিন্ন ক্ষেত্ৰত দৃঢ়তাৰে আত্মপ্ৰতিষ্ঠা কৰিব লাগিব। আঞ্চলিকতাবাদ অসমৰ বাবে এক সাৰ্থক আৰু বাস্তৱসন্মত ৰাজনৈতিক ধাৰা বুলি অভিহিত কৰি ৰাজ্যখনৰ জনসাধাৰণৰ কাষত থাকি কাম কৰি যাবলৈ আহ্বান জনায়। একেটা অনুষ্ঠানতে কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, সভাপতিকে ধৰি শতাধিক ছাত্ৰই আজি যোগদান কৰে। আনহাতে দলটোৰ অন্যতম ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় সমিতিৰ সভা অনুষ্ঠিত হয়। সভাত কৃষকসকলৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ লগতে কৰ্মসূচী গ্ৰহণ কৰা হয়। দুয়োখন সভাতে সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, নুৰুল হুছেইন, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, হিৰণ্য কুমাৰ কোৱঁৰ, উপ-সভাপতি দিলীপ পাটগিৰী, ৰেণুপমা ৰাজখোৱা, সুনীল ডেকা, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতা, ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা উপস্থিত থাকে। 

আনহাতে কাছাৰ জিলাৰ ধলাই বিধান সভা সমষ্টিৰ অন্তৰ্গত লাইলাপুৰত মিজো আৰক্ষী আৰু দুষ্কৃতিকাৰীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা অসম আৰক্ষী আৰু সাধাৰণ নাগৰিকৰ মৃত্যুত শোক প্ৰকাশ কৰি অসম গণ পৰিষদ দলে আজি অসম যুৱ পৰিষদৰ উদ্যোগত গুৱাহাটীৰ আমবাৰীত এক বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰে। দলে এই বৰ্বৰতাক দ্বিধাহীন ভাষাৰে গৰিহনা দিয়াৰ লগতে চুবুৰীয়া ৰাজ্য হিচাপে মিজোৰাম চৰকাৰক অসম চৰকাৰৰ লগত সৌহাদ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি সীমা সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here