গুৱাহাটী পৌৰ নিগমৰ নবীন নগৰ জনপথ সংযোগী পথৰ নলা পৰিষ্কাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 8 July 2021

গুৱাহাটী পৌৰ নিগমৰ নবীন নগৰ জনপথ সংযোগী পথৰ নলা পৰিষ্কাৰ

 



W7s News, নিউজ ডেস্ক : পৌৰ নিগমৰ কৰ্মচাৰীসকলে বৃহস্পতিবাৰে মহানগৰৰ অন্যতম বানপানীপ্ৰৱণ অঞ্চল নবীন নগৰ জনপথ সংযোগী পথৰ নলা পৰিষ্কাৰ কৰে। এই অঞ্চলত কেইবাখনো দোকান-পোহাৰ আছে কিন্তু আৱৰ্জনা ব্যৱস্থাপনাৰ অজ্ঞানতা আৰু সজাগতাৰ অভাৱৰ বাবে নৰ্দমাসমূহত ধাৰাবাহিকভাৱে  আৱৰ্জনা পেলাই থকা হৈছে, যাৰ ফলত নৰ্দমাৰ স্বাভাৱিক প্ৰণালীত ধ্বংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । এই ক্ষেত্ৰত প্ৰতিখন দোকানে সঠিকভাৱে ডাষ্টবিনৰ ব্যৱস্থা কৰি গ্ৰাহকক আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে বাধ্য কৰাটো খুবেই জৰুৰী। যিহেতু নবীন নগৰ ইতিমধ্যেই তুলনামূলকভাৱে দ অঞ্চল, সেয়েহে আৱৰ্জনাৰে নলাসমূহৰ কাৰ্যপ্ৰণালীত বাধা দিলে সম্পূৰ্ণ এলেকাটো বৰষুণৰ পানীৰে অস্বাস্থ্যকৰ হৈ পৰিব। এই ক্ষেত্ৰত জনসাধাৰণৰ সজাগতা আৰু প্ৰচেষ্টা গুৰুত্বপূৰ্ণ বুলি নিগমে সদৰী কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here