ৰাষ্ট্রসংঘৰ ছবি মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া চলচ্চিত্ৰ 'লাইফ ইন এ পাপেট' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 July 2021

ৰাষ্ট্রসংঘৰ ছবি মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া চলচ্চিত্ৰ 'লাইফ ইন এ পাপেট'

 



বিশ্বজুৰি প্ৰত্যক্ষ কৰিব অগণন চলচ্চিত্ৰ প্ৰেমী দৰ্শকে৷  




W7s News ষ্টাফৰিপোৰ্টাৰ:অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে পুনৰ ভাল খবৰ।ৰাষ্ট্রসংঘৰ ইউনেস্ক’ৰ ছবি মহোৎসৱলৈ নিৰ্বাচিত হ’ল ৰাজেন দাস পৰিচালিত 'লাইফ ইন এ পাপেট'। আগন্তক১৭ জুলাইৰ পৰা ২১ জুলাইলৈ আয়োজিত এই গুৰত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে অসমীয়া চলচ্চিত্ৰ 'লাইফ ইন এ পাপেট' মনোনীত হৈছে। ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ সংস্থা তথা ইউনেস্ক’ৱে বিশেষ উদ্যোগ গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱ ’কালচাৰ চিনেমা ২০২১’লৈ মনোনীত ছবিসমূহ আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয় অ’টি টি প্লেটফৰ্ম ’মুভীচেইন্ট’যোগে বিশ্বজুৰি প্ৰদশৰ্নৰ ব্যৱস্থা কৰিছে৷ উল্লেখ্য,অসমৰ লোকশিল্প পুতলা নাচক লৈ নিৰ্মিত ’লাইফ ইন‌ এ পাপেট’ চলচ্চিত্ৰখন মহোৎসৱৰ সময়ছোৱাত অগণন চলচ্চিত্ৰ প্ৰেমী দৰ্শকে বিশ্বজুৰি প্ৰত্যক্ষ কৰিব৷ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ সংগঠন ইউনেস্ক’ৰ প্লেটফৰ্মত অসমীয়া চলচ্চিত্ৰ ’লাইফ ইন এ পাপেট’ৰ এই ৱৰ্ল্ড প্ৰিমিয়াৰ নিঃসন্দেহে অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here