নৱম পূণ্য তিথিত হীৰেন ভট্টাচাৰ্যক স্মৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 4 July 2021

নৱম পূণ্য তিথিত হীৰেন ভট্টাচাৰ্যক স্মৰণ

 




W7s News, নিউজ ডেস্ক: সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি নৱম পূণ্য তিথি। বিশিষ্ট কবি হীৰেন ভট্টাচাৰ্যক দেওবাৰে তেওঁৰ অনুৰাগীসকলে গীতে মাত, কবিতাৰে স্মৰণ কৰে। সামাজিক মাধ্যমৰ জৰিয়তেও বিভিন্ন জনে গীতে মাতে সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক স্মৰণ কৰে।আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱম মৃত্যু বাৰ্ষিকীত হীৰেন ভট্টাচাৰ্যক স্মৰণ কৰি সামাজিক মাধ্যমৰ জৰিয়তে কয় 'শব্দ শিল্পৰে মাটি আৰু মানুহৰ কথা কোৱা ধীমান কবি হীৰেন ভট্টাচাৰ্যদেৱৰ আজি পৱিত্ৰ পুণ্য তিথি৷ নিজা কাব্যশৈলীৰে কীৰ্তি ৰচনা কৰি কাব্য জগত সমৃদ্ধ কৰা অসমীয়াৰ অতি আপোন 'হীৰুদা'ই 'শইচৰ পথাৰ মানুহ', 'ৰৌদ্ৰ কামনা', 'তোমাৰ বাঁহী', 'মোৰ দেশ', 'মোৰ প্ৰেমৰ কবিতা', 'সুগন্ধি পখিলা'কে ধৰি ভিন্ন ছন্দৰ সৃষ্টিৰে পঢ়ুৱৈৰ মনোজগতত তুলিছিল ৰমন্যাসবাদৰ নতুন লহৰ। অসাধাৰণ অনুকৰণীয় ব্যক্তিত্বৰে প্ৰোজ্জ্বল কবি-সাহিত্যিকগৰাকীক নৱম বাৰ্ষিক পুণ্য তিথিত সহৃদয়তাৰে স্মৰণ কৰিছোঁ৷'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here