মিছন চাৰিআলিৰ চাৰি-লেন যুক্ত উৰণীয়া সেতুৰ ভূমি পূজা কৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 1 July 2021

demo-image

মিছন চাৰিআলিৰ চাৰি-লেন যুক্ত উৰণীয়া সেতুৰ ভূমি পূজা কৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে

Responsive Ads Here

 

IMG-20210701-WA0017




W7s News, নিউজ ডেস্ক: তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে আজি ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গটঙাত অনুষ্ঠিত এক কাৰ্যসূচীত ভূমি পূজনৰে মিছন চাৰিআলিৰ চাৰি-লেন যুক্ত উৰণীয়া সেতুৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে ৷ 

উল্লেখ্য, লোক নিৰ্মাণ বিভাগৰ নগাঁও ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলে ই.পি.চি. ম'ডত এছ অ' পি ডি আচঁনিৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ -৫২ সংযোগথলীত চাৰিলেনযুক্ত উৰণীয়া সেঁতুৰ নিৰ্মাণ কৰা হ'ব৷ ৰাজ্য চৰকাৰে এই প্ৰস্তাৱিত চাৰিলেনযুক্ত উৰণীয়া সেঁতুৰ বাবে মুঠ ৩২১.৪১ কোটি টকা ইতিমধ্যে অনুমোদন দিছে আৰু নিৰ্মাণৰ কাম গুৱাহাটীস্থিত এ.এন.পি.এল.-এ.ডি (জে.ভি.) নামৰ প্ৰতিষ্ঠানটিক দিয়া হৈছে ৷ উল্লেখ্য যে মঙলদৈ দিশৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ দিশে নিৰ্মাণ হ'বলগীয়া এই সেঁতুৰ দৈৰ্ঘ্য মুঠ ৩.২৫০ কি:মি: আৰু সেতুখনৰ নিৰ্মাণ ২ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ দিহা কৰা হৈছে ৷ 

সভাত দিয়া ভাষণ প্ৰসঙ্গত সাংসদগৰাকীয়ে তেজপুৰৰ ৰাইজৰ বাবে বহু আকাংক্ষিত প্ৰকল্প বাস্তৱত ৰূপান্তৰ কৰাৰ দিশত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰি তোলাৰ দিশত ৰাইজৰ সম্পূৰ্ণ সহায়- সহযোগিতা কামনা কৰে ৷ আগন্তুক দিনত এই উৰণীয়া সেতুখন নিৰ্মাণ হৈ উঠিলে তেজপুৰৰ মিছন চাৰিআলিত হোৱা যান-জঁটৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব বুলি তেখেতে আশা প্ৰকাশ কৰে ৷আজিৰ সভাত জিলাৰ আৰক্ষী অধীক্ষক ড০ ধনঞ্জয় ঘনাৱত, শোনিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী দলি চুৰিন, এমট্ৰনৰ উপাধক্ষ্য ঋতুবৰণ শৰ্মা, তেজপুৰ উন্নয়ন কৰ্তপক্ষৰ সভাপতি বিৰাজ নাথ, বিশিষ্ট সমাজকৰ্মী, জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *