২০৩১-৩২ চনৰ ভিতৰত কাৰ্বন প্ৰশমিতৰ প্ৰতিশ্ৰুতি এইচডিএফচি বেংকৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 3 June 2021

২০৩১-৩২ চনৰ ভিতৰত কাৰ্বন প্ৰশমিতৰ প্ৰতিশ্ৰুতি এইচডিএফচি বেংকৰ

 



* ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে পৰিকল্পনা ঘোষণা


* ব্যৱহাৰ আৰু সম্পদৰ ফোটপ্ৰিন্ট হ্ৰাস কৰিনৱীকৰণযোগ্য শক্তি আৰু অফছেট প্ৰাপ্ত কৰাৰ পৰিকল্পনা


*সেউজ সামগ্ৰীৰ বাবে পুঁজি যোগান ধৰা; ক্ৰেডিট আধাৰ ইএছজি নম্বৰ মূল্যায়ন কৰা



W7s, News,ষ্টাফৰিপোৰ্টাৰ :  এইচডিএফচি বেংকে আজি ২০৩১-৩২ত কাৰ্বন প্ৰসমিত কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে, বেংকে নিৰ্গমন (emissions), শক্তি আৰু পানী ব্যৱহাৰ হ্ৰাস কৰাৰ ওপৰত লক্ষ্য ৰাখিছে।বেংকে নিজৰ কাৰ্যকলাপত নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ অন্তৰ্ভুক্ত আৰু বৃদ্ধি কৰা অব্যাহত ৰাখিব।

ইয়াৰ ইএছজি ৰণনীতিৰ অংশ হিচাপে বেংকে সেউজ সামগ্ৰী যেনে বৈদ্যুতিক বাহনত কম সূতৰ হাৰত ঋণ আগবঢ়োৱাৰ ওপৰতো গুৰুত্ব দিব আৰু ইয়াৰ ঋণৰ সিদ্ধান্তত ইএছজি নম্বৰ অন্তৰ্ভুক্ত কৰিব।বেংকে সেউজ বণ্ড জাৰী কৰাৰ বাবে এটা ফ্ৰেমৱৰ্কৰ ওপৰতো কাম কৰি আছে।

এই ঘোষণা ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ ঠিক আগতে বেংকে কৰিছে। এই ঘোষণাটো বেংকৰ এটা অংশ ব্যৱসায়ত ইএছজি নীতিসমূহ অন্তৰ্ভুক্ত কৰাৰ সামগ্ৰিক প্ৰতিশ্ৰুতিৰ। বেংকে  

কাৰ্বন প্ৰসমিত কৰাৰ উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে তিনিটা ৰণনীতিৰ ওপৰত কাম কৰিব, সেয়া হ'ল- কাৰ্বন বৃদ্ধি কৰা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰা, নৱীকৰণযোগ্য শক্তিলৈ পৰিৱৰ্তন, আৰু কাৰ্বন ফুটপ্ৰিন্ট অফছেট কৰা।

এই ৰণনীতিৰ অংশ হিচাপে ই নিম্নলিখিত পদক্ষেপবোৰৰ পৰিকল্পনা কৰি আছে, তেনেবোৰৰ ভিতৰত: 

ক) বৰ্তমানৰ ৩১৫,৫৮৩ মেট্ৰিক টনৰ স্তৰৰ শাৰীত ব্যৱহাৰ কৰা নিৰ্গমন আৰু শক্তিত কাৰ্বনডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰা 

খ) ডাঙৰ কাৰ্যালয়ৰ মুধচ(Rooftop)ত সৌৰ ক্ষমতা বৃদ্ধি কৰা

গ) আমাৰ মুঠ ৫০% বিদ্যুতক নৱীকৰণযোগ্য শক্তিৰ উৎসলৈ ৰূপান্তৰ কৰা,

ঘ) একক ব্যৱহাৰৰ প্লাষ্টিক মুক্ত কৰ্পোৰেট কাৰ্যালয় গঢ়ি তোলা

ঙ) ২৫ লাখ গছ ৰোপণ কৰা

চ) পানীৰ ব্যৱহাৰ ৩০%লৈ হ্ৰাস কৰা।

এই সম্পৰ্কে  এইচডিএফচি বেংকৰ ব্যৱসায় বিত্ত আৰু ৰণনীতি, প্ৰশাসন আৰু আন্তঃগাঁথনিৰ গ্ৰুপ হেড-চিএছআৰ অসীমা ভাটে (Ashima Bhat) কয়-"এক অংশীদাৰী ভৱিষ্যতৰ অৰ্থ হৈছে যে ব্যক্তি, কোম্পানী আৰু দেশৰ সকলোৱে একেলগে কাম কৰিব লাগিব জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ। এই প্ৰচেষ্টাৰ জৰিয়তে, আমি এই দিশত দেশৰ প্ৰতিশ্ৰুতিক সমৰ্থন কৰিছোঁ। বহল ৰণনীতি প্ৰস্তুত হৈ আছে আৰু আগবাঢ়ি গৈ আমি ইয়াক সুন্দৰ কৰিম আৰু প্ৰয়োজন হ'লে নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিম। কৰ্পোৰেট নাগৰিক হিচাপে

দায়িত্বশীল এইচডিএফচি বেংকে ভাৰতত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱবোৰ হ্ৰাস কৰাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ লগতে দেশখনক  আন্তৰ্জাতিক 'পেৰিছ চুক্তি' প্ৰতিশ্ৰুতি পূৰণ কৰাত সহায় কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here