জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কঠোৰ প্ৰদক্ষেপক আদৰণি আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম বৰ্ডৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজীবৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 14 June 2021

জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কঠোৰ প্ৰদক্ষেপক আদৰণি আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম বৰ্ডৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজীবৰ

 





 মুখ্যমন্ত্ৰীক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে সজাগতা সৃষ্টিৰ বাবে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে মানৱ অধিকাৰ কৰ্মী আব্দুৰ ৰাজীবে ।

-----------------------------------



W7s News, নিউজ ডেস্ক  আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগৰ অসম বৰ্ডৰ সভাপতি আব্দুৰ ৰাজিব , লখিমপুৰ জিলা বৰ্ডৰ সভাপতি নাৰায়ণ মহন্ত ই এক বিবৃতিযোগে কয় 'অসমৰ সাম্প্রতিক পৰিস্থিতিত জন সংখ্যা বিস্ফোৰণ হোৱাটো অসমৰ সমাজ ব্যৱস্থাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । এই বৃহৎ প্ৰত্যাহ্বান নেওচি অসমৰ অতিকৈ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাক আমি আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগৰ তৰফৰ পৰা আদৰণি জনাইছোঁ । তেখেতে জন্ম নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যি কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰিছে এই প্ৰদক্ষেপে অসমৰ সকলো জাতি জনগোষ্ঠীৰ বিকাশৰ লগতে সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত অভূতপূৰ্ব অৰিহণা যোগাব । উক্ত বিষয়টো ধৰ্মীয় দৃষ্টিকোণেৰে নাচাই সকলো জাতি জনগোষ্ঠীয়ে মুখ্যমন্ত্ৰী মহোদয়ক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনালোঁ । মুখ্যমন্ত্ৰী মহোদয়ৰ জন্ম নিয়ন্ত্ৰণৰ সুদূৰপ্ৰসাৰী যি প্ৰদক্ষেপ সেই প্ৰদক্ষেপক সফল ৰূপায়ন কৰিবলৈ আমি অসমৰ প্ৰত্যেকটো জিলাৰ গাঁৱে বোৱে সজাগতা বৃদ্ধিৰ বাবে কাম কৰি যাবলৈ মুখ্যমন্ত্ৰী মহোদয়ৰ সহযোগিতা কামনা কৰিছোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here