সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে মন্ত্ৰী অতুল বৰাৰ আলোচনা চক্ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 20 May 2021

সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে মন্ত্ৰী অতুল বৰাৰ আলোচনা চক্ৰ

 





W7s, News, ষ্টাফৰিপোৰ্টাৰ : অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ সদৌ অসম ছাত্ৰ সন্থাৰ এটা সময়ৰ সৈনিক হিচাপে সংগঠনটোৰ প্ৰতি থকা আন্তৰিক শ্ৰদ্ধা আৰু বৰ্তমানৰ অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী হিচাপে অতুল বৰাই বৃহস্পতিবাৰে গুৱাহাটীৰ উজান বজাৰত থকা সদৌ অসম ছাত্ৰ সন্থাৰ হৃদপিণ্ডস্বৰূপ শ্বহীদ ন্যাস ভৱনত এক সৌজন্যমূলক আলোচনাত মিলিত হয়। মন্ত্ৰী বৰাই কয় ' ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ অসম চৰকাৰৰ  অগ্ৰাধিকাৰভিত্তিক এটা বিষয় হ'ল অসম চুক্তি ৰূপায়ণ। সম্পূৰ্ণ ৰাজনৈতিক সদিচ্ছা আৰু আন্তৰিকতাৰে এই বিষয়টোৰ সন্দৰ্ভত কিছু কথা অনানুষ্ঠানিকভাৱে আলোচনা কৰাৰ লগতে অন্যান্য প্ৰাসংগিক বিষয় সন্দৰ্ভতো আলোচনা কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে আজি মিলিত হওঁ। অসম চুক্তি ৰূপায়ণ সম্পৰ্কত  মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহ আৰু সদিচ্ছাৰ বিষয়েও আছু নেতৃবৃন্দক আমি অৱগত কৰাওঁ৷ ঐতিহাসিক অসম আন্দোলনত বিভিন্ন ধৰণে নিৰ্যাতিত হোৱাসকলৰ এখন তালিকা প্ৰস্তুতিৰ ক্ষেত্ৰত আছু নেতৃবৰ্গৰ সহযোগিতা বিচাৰোঁ।

 আলোচনাত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত চৰকাৰে সোনকালে আছুৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হ'ব বুলিও প্ৰকাশ কৰোঁ। এগৰাকী আছু কৰ্মী হিচাপে দুটা দশকৰ আন্দোলনৰ ফচল অসম চুক্তি ৰূপায়ণ  এতিয়াও সম্পূৰ্ণভাৱে সফল হৈ নুঠাত এতিয়াৰ আছু কৰ্মীসকলৰ মৰ্মবেদনা হৃদয়েৰে অনুভৱ কৰোঁ। সম্পূৰ্ণ  অনানুষ্ঠানিক এই আলোচনাত বৰ্তমানৰ আছু নেতৃবৰ্গই প্ৰাক্তন আছু কৰ্মী হিচাপে আমাৰ প্ৰতি দেখুওৱা আন্তৰিকতাৰ বাবে আমি অভিভূত আৰু ইয়াৰ বাবে আছুক ধন্যবাদ জনাইছোঁ। ভৱিষ্যতলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি অসম আন্দোলনত ভাগ লোৱা বিভিন্ন সংগঠন, ব্যক্তিৰ সৈতেও এই সম্পৰ্কীয় আমাৰ আলোচনা অব্যাহত ৰাখি অসম চুক্তি ৰূপায়ণৰ এক যোগাত্মক পৰিসমাপ্তিৰ দিশত আগবাঢ়ি যাম বুলি আমি আশাবাদী। '

এই  আলোচনাত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, সভাপতি দীপাংক কুমাৰ নাথ, উপ-সভাপতি বিপুল চন্দ্ৰ ৰাভা, সাধাৰণ সম্পাদক শংকৰজ্যোতি  বৰুৱা প্ৰমুখ্যে আছুৰ বিভিন্ন কেন্দ্ৰীয় নেতা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, শ্বহীদ আৰু নিৰ্যাতিত সাহায্য ন্যাসৰ সভাপতি দেৱেশ্বৰ ভট্টাচাৰ্য, উপ-সভাপতি ভৈৰৱ প্ৰসাদ দাস, সদস্য ভূপেন চক্ৰৱৰ্তী আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here