বেচৰকাৰী হাস্পতালত দুখীয়া ৰোগীৰ বাবে নিম্নতম মাচুল চৰকাৰ নিৰ্দ্ধাৰণ কৰক - চি পি আই (এম) ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 25 May 2021

বেচৰকাৰী হাস্পতালত দুখীয়া ৰোগীৰ বাবে নিম্নতম মাচুল চৰকাৰ নিৰ্দ্ধাৰণ কৰক - চি পি আই (এম) ৰ

 

শ্ৰমিক-কৃষক বিৰোধী ক'লা আইন বাতিলৰ দাবীত

২৬ মে' ত দেশজুৰি কলা দিৱস



W7s News ষ্টাফৰিপোৰ্টাৰ


:বেচৰকাৰী হাস্পতালত দুখীয়া ৰোগীৰ বাবে নিম্নতম মাচুল চৰকাৰক নিৰ্দ্ধাৰণ কৰিবলৈ  দাবী জনাইছে চি পি আই (এম) এ। মঙলবাৰে 

 চি পি আই (এম),  অসম ৰাজ্যিক কমিটিৰ উদ্যোগত হেদায়েটপুৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলযোগে দলৰ অসম ৰাজ্যিক কমিটিৰ, সম্পাদক দেবেন ভট্টাচাৰ্যই কয় ' প্ৰতিদিনে চৰকাৰী তথা বেচৰকাৰী হাস্পতালত ক'ভিড ৰোগীৰ বাবে কিমান খন আসন খালী আছে তাৰ বিষয়ে জনগণক জনাব লাগে। ক'ভিড ৰোগীৰ জীৱন যাতে ৰক্ষা কৰিব পাৰি তাৰ বাবে চিন্তা চৰ্চা কৰিব লাগে। তদুপৰি ব্যক্তিগতখণ্ডৰ চিকিৎসায়ত যাতে দুখীয়া ৰোগী সকলে চিকিৎসা কৰিবলৈ যোৱাৰ সময়ত সৰ্বস্বান্ত হ'ব লগীয়া নহয় তাৰবাবে ব্যক্তিগতখণ্ডৰ চিকিৎসায়ত এটা নিৰ্ধাৰিত মূল্য নিৰ্দ্ধাৰণ কৰিব লাগে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত। আমি ২৩ মে' ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ক'ভিড

সম্পৰ্কীয় পাঁচদফীয়া এখন স্মাৰকপত্ৰ দাখিল কৰিছোঁ। সেই অনুসৰি আমি  বিনামূলীয়া আৰু সাৰ্বজনীন 

ক'ভিড ভেকচিন প্ৰদান নিশ্চিত কৰা, ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া দ্রুততৰ কৰা,

ক'ভিড চিকিৎসাৰ বাবে হাস্পতালৰ বিছনা, আই চি ইউ, ভেন্টিলেটৰ, অক্সিজেন আদি যোগান নিশ্চিত কৰা, বেচৰকাৰী চিকিৎসয়ত ক'ভিড চিকিৎসাৰ মাচুল চৰকাৰে নিৰ্ধাৰণ কৰা, হোম আইছ'লেচনত চিকিৎসা গ্ৰহণ কৰা ক'ভিড ৰোগীৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ পৰা সঘন নিৰীক্ষণ আৰু যথোপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা, আয়কৰ দিব লগীয়া প্ৰতিটো পৰিয়ালক মাহিলী ৭,৫০০ টকাকৈ নগদ ধন দিবলৈ স্মাৰক পত্ৰত উল্লেখ কৰো।

স্মাৰকপত্ৰ খন গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধি দলটোক অতিশীঘ্ৰে বেচৰকাৰী হাস্পতালৰ চিকিৎসাৰ মাচুল চৰকাৰে নিৰ্দিষ্ট কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। আমি লগতে ২৬ মে' ত বিজেপি- চৰকাৰৰ শ্ৰমিক-কৃষক বিৰোধী ক'লা আইন বাতিলৰ দাবীত আৰু ক'ভিডৰ উপযুক্ত চিকিৎসা, সাৰ্বজনীন আৰু বিনামূলীয়া ভেকচিন প্ৰদান আৰু আৰ্থিক ভাৱে দুৰ্বল অংশৰ লোকসকলক উপযুক্ত সাহাৰ্যৰ দাবীত আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ দাবীত শ্ৰমিক, কৃষক, মহিলা, ছাত্ৰ, যুৱ সংগঠনবোৰে ২৬ মে' ত দেশ জুৰি ক'লা দিৱস পালনৰ আহ্বানৰ জনাইছে। আমিও তাৰ প্ৰতি সঁহাৰি জনাইছোঁ।'  

সংবাদমেলত চি পি আই (এম) ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য

সুপ্ৰকাশ তালুকদাৰ, ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য ইছফাকুৰ ৰহমান আৰু 

সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here