অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 April 2021

অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু

 




W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ,

অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, বিশিষ্ট লেখক  হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ সোমবাৰে পুৱা মৃত্যু হয়। দেশৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক প্ৰশ্ন কৰা প্ৰথম গৰাকী অসমীয়া আছিল হিৰণ্য কুমাৰ ভট্টাচাৰ্য। চৰকাৰৰ বৈষম্যৰ প্ৰতিবাদত তেওঁ আৰক্ষীৰ উচ্চ পদৰ পৰাও পদত্যাগ কৰিছিল।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। সোমবাৰে পুৱা ৪-৩০ বজাত গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হাস্পাতালত তেওঁৰ মৃত্যু হয় ।

 প্ৰাক্তন আই পি এছ বিষয়া তথা অসম আন্দোলনৰ বহু ঘটনাপ্ৰৱাহৰ আঁৰৰ ব্যক্তি হিৰণ্য কুমাৰ ভট্টাচাৰ্যই কেইবাবাৰো কাৰাবাসো খাটিব লগা হৈছিল।

হিৰণ্য কুমাৰ ভট্টাচাৰ্যই জাতীয় চেতনা জাগ্ৰত কৰিব পৰা বহু কেইখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেওঁৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here