পূব গুৱাহাটী বিহুসন্মিলনৰ 'মিলন মালা' শীর্ষক অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 April 2021

পূব গুৱাহাটী বিহুসন্মিলনৰ 'মিলন মালা' শীর্ষক অনুষ্ঠান


 




W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, চানমাৰিৰ অসম অভিযান্ত্রিকপ্রতিষ্ঠানৰ খেলেপথাৰত পূব গুৱাহাটী বিহুসন্মিলনৰ প্রাঙ্গণত দেওবাৰে 'মিলন মালা' শীর্ষক এক অনুষ্ঠানৰ আয়ােজন কৰে। অনুষ্ঠানত পূব গুৱাহাটী বিহু সন্মিলনৰ ন-পুৰণি সকলাে বিষয়ববীয়া, সমূহ দাতা, পৃষ্ঠপােষকমণ্ডলী, আজীৱন সদস্য আৰু শুভাকাংশীসকলৰ অংশগ্রহণ কৰে। সন্মিলনৰ সভাপতি বসন্ত দাসে মিলন মালা ৰ প্রথম পাহ ফুল গাঠি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে ক্রমে কার্যকৰী সভাপতি অঞ্জন শর্মা, বিপুল তালুকদাৰ, উপ সভাপতি মৰমী গোস্বামী, কোষাধক্ষ্য হৰিশ হালৈ, পৃষ্ঠপােষক ৰাজেন চৌধৰী, সাধাৰণ সম্পাদক দীপজ্যোতি মিশ্র, উপদেষ্টা জগত দাস আদিৰ লগতে সমূহ কর্ম কর্তাই ফুলগাঠি সম্প্রীতি মিলনপালা প্রস্তুত কৰে। । এই সম্পৰ্কে সন্মিলনৰ সাধাৰণ সম্পাদক

দীপজ্যোতি মিশ্রই কয়'বিহু সন্মিলনত মানুহ কিমান হব তাক কোৱা টান। অনুষ্ঠানত ৰাইজৰ উপস্থিতিৰ সীমাবদ্ধতাৰ ক্ষেত্ৰত নিয়ম শিথিল কৰিবলৈ  চৰকাৰক আহবান জনালো।  পূব গুৱাহাটী বিহু সন্মিলনলৈ প্রবেশ আৰু প্রস্থানৰ বাবে তিনিখনকৈ গেট আছে। গতিকে ৰাইজৰ প্রবেশ আৰু প্রস্থানৰ ক্ষেত্রত অনুবিধা নহব। প্রবেশ কৰা সকলােকে থাৰমেল স্কেনাৰৰ সহায়ত পৰীক্ষা কৰা হ'ব আৰু বিহু প্রাংগণত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। ইফালে চৰকাৰৰ নিদের্শ অনুসৰিয়েই বিহু সন্মিলনৰ কাৰ্যসূচীৰ ক্ষেত্রত নিশা অনুষ্ঠান কিছু আগুবাই আনিব লগা হৈছে।' এই অনুষ্ঠানত সন্মিলনৰ বহুসংখ্যক শুভাকাংশী উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here