দিঠকত হেৰাল সপোনে অসমীয়া ছবি জগতত খলকনি তুলিব"-- মঞ্জু বৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 23 March 2021

দিঠকত হেৰাল সপোনে অসমীয়া ছবি জগতত খলকনি তুলিব"-- মঞ্জু বৰা

 "  

W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, গুৱাহাটী প্ৰে


ছ ক্লাবত আন্ত:ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী অসমীয়া চলচিত্ৰ দিঠকত হেৰাল সপোনৰ পোষ্টাৰ মুকলি


     দিঠকত হেৰাল সপোনে অসমীয়া ছবিজগতত খলকনি তুলিব। ক'ভিড মহামাৰীৰ ভয়ানক দিন পাৰ হৈ যোৱাৰ পাছত এতিয়া সকলো এতিয়া পৰিত্ৰাণ পাইছে। নিৰ্বাচনৰ পাছত বিহুৰ সময়ত মুক্তি পাবলগীয়া দিঠকত হেৰাল সপোন চাবলৈ সকলো আহক।"

আন্তৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী অসমীয়া চলচিত্ৰ "দিঠকত হেৰাল সপোন"ৰ পোষ্টাৰ  মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত  আবেলি   আনুষ্ঠানিকভাবে পোষ্টাৰ মুকলি কৰি এনেদৰে কয় যশস্বী পৰিচালক মঞ্জু বৰাই।  মিচিং ছবি নিৰ্মাণ নিৰ্মানৰ আঁৰৰ কাহিনী ব্যক্ত কৰি বিশিষ্ট পৰিচালক গৰাকীয়ে অসমীয়া ছবি চাবলৈ সকলোকে আহ্বান কৰে। বিশিষ্ট চিত্ৰনাট্যকাৰ আৰু ছবিখনৰ পৰিচালক পঙ্কজ পল্লৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানত অতিথিৰ আসন গ্ৰহণ কৰে  আৰক্ষী বিষয়া পৰেশ চন্দ্ৰ বৰদলৈ, সঙ্গীতকাৰ অবনী ৰঞ্জন পাঠক, অভিনেতা মুকুল দাস আৰু প্ৰযোজক অজিত বৰ্মনে। 

ইতিমধ্যে সাংস্কৃতিক মহলকে ধৰি ইলেকট্ৰনীক মিডিয়াতো বিশেষ চৰ্চা লাভ কৰা দিঠকত হেৰাল সপোনে লাভ কৰিছে টেগুৰ ইন্টাৰনেচনেল ফিল্ম মহোৎসৱত নেৰেটিভ শাখাত বেষ্ট এচিভমেন্ট এৱাৰ্ড।  আনহাতে চলচিত্ৰখনে 

শিলিগুৰী ফিল্ম এণ্ড টেলিভিশ্বন ইনষ্টিটিউট আৰু ইউনিভাৰ্চেল ষ্টুডিওৰ পৰা লাভ কৰিছে বিশেষ সন্মান। দিঠকত হেৰাল সপোনৰ প্ৰযোজনা কৰিছে মাকনপ্ৰিয়া প্ৰডাকচনৰ বেনাৰত অজিত বৰ্মনে। চিত্ৰনাট্য, সংলাপ ৰচনা কৰিছে পঙ্কজ পল্লৱ শৰ্মাই। শৰ্মাই চলচিত্ৰখন পৰিচালনাও কৰিছে।  নাগাৰানামৰ যশস্বী পাঠক ৰামচৰণ ভড়ালী  ভ্ৰাম্যমান থিয়েটাৰৰ এসময়ৰ মোহনীয় অভিনেত্ৰী মনি বৰা জৰ্জীয়া মেধী, অজিত বৰ্মন, পঙ্কজ পল্লৱ শৰ্মা, দিগন্ত কুমাৰ নাথ, দ্বিজেন্দ্ৰ শৰ্মাকে ধৰি বহু ন-পুৰণি শিল্পীয়ে চলচিত্ৰখনত অভিনয় কৰিছে। চলচিত্ৰখনৰ সঙ্গীত অপূৰ্ব বেজবৰুৱা আৰু অজিত বৰ্মনৰ। কন্ঠশিল্পী ডঃ অনিমা চৌধুৰী,সুকন্যা গোস্বামী,দেবৰ্চনা কাশ্যপ আৰু অজিত বৰ্মন। অনুষ্ঠানত মুম্বাইৰ অভিনেতা আনন্দ সিঙ, দিগন্ত কুমাৰ নাথ, পৰিচালক নাৰায়ন শীল, মিলি তালুকদাৰ, প্ৰনব মেধী, কবিতা বৈদ্য, বিশিষ্ট সঙ্গীত শিল্পী সুনয়না গোস্বামী, নিলোৎপল শৰ্মা,  দ্বিজেন শৰ্মা গীতা বৰ্মন,স্বপ্না নাথ মনোজ বৰ্মন, নিৰ্মল নাথ জীৱন ডাইকা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here