যন্ত্ৰ শিকনৰ ভৱিষ্যত গঢ়াৰ চেষ্টা অব্যাহত এমাজন ইণ্ডিয়াৰ, মেচিন লাৰ্নিং ছামাৰ স্কুলৰ তৃতীয় সংস্কৰণ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 22 August 2023

যন্ত্ৰ শিকনৰ ভৱিষ্যত গঢ়াৰ চেষ্টা অব্যাহত এমাজন ইণ্ডিয়াৰ, মেচিন লাৰ্নিং ছামাৰ স্কুলৰ তৃতীয় সংস্কৰণ মুকলি

 

- ছাত্ৰ-ছাত্ৰীসকলক মূল এম এল বিষয়সমূহৰ ওপৰত গভীৰ জ্ঞান প্ৰদান

- এমাজনৰ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় আৰু নিৰ্ণায়ক উদ্ভাৱনৰ বিষয়ে জানিবলৈ মাধ্যম

- এম এলত কেৰিয়াৰৰ বাবে প্ৰস্তুতি চলোৱাৰ সুযোগ


W7s news,,,: এমাজন ইণ্ডিয়াই আজি মেচিন লাৰ্নিং (এম এল) ছামাৰ স্কুলৰ তৃতীয় সংস্কৰণ মুকলি কৰিছে৷ এয়া হৈছে এক নিমজ্জিত কাৰ্যসূচী, যাৰ লক্ষ্য ছাত্ৰ-ছাত্ৰীসকলক এমাজনৰ বিজ্ঞানীৰ পৰা মূল এম এল প্ৰযুক্তিসমূহ শিকিবলৈ সুযোগ প্ৰদান কৰা৷ ইয়াৰ ফলত তেওঁলোকক যন্ত্ৰ শিকনৰ উদ্যোগৰ বাবে সাজু কৰি তোলা হ’ব। ছেপ্টেম্বৰৰ চাৰি সপ্তাহৰ শেষৰ ফালে আঠটা আৰ্হি সামৰি অনুষ্ঠিতব্য বিনামূলীয়া শিক্ষামূলক পাঠ্যক্ৰমে ছাত্ৰ-ছাত্ৰীসকলক এম এলৰ মূল বিষয়সমূহৰ ওপৰত দক্ষতা আহৰণৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ ভিতৰত আছে তত্বাৱধানমূলক শিক্ষণ, গভীৰ নিউৰেল নেটৱৰ্ক, সম্ভাৱনামূলক গ্রাফিক মডেল, মাত্ৰা হ্ৰাস আৰু তত্বাৱধানহীন শিক্ষণ৷ য'ত তাত্ত্বিক ধাৰণা আৰু ব্যৱহাৰিক প্ৰয়োগ দুয়োটাতে এক শক্তিশালী ভেটি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হৈছে।এমাজনৰ আন্তৰ্জাতিক যন্ত্ৰ শিকনৰ উপাধ্যক্ষ ৰাজীৱ ৰাস্তোগিয়ে কয়- "শৈক্ষিক পাঠ্যক্ৰমৰ ঊৰ্ধ্বত শিক্ষণৰ বাবে এমাজন এম এল ছামাৰ স্কুলৰ গাঁথনি তৈয়াৰ কৰা হৈছে, যাতে মূল এম এল প্ৰযুক্তিৰ ক্ষেত্ৰত এক শক্তিশালী ভেটি গঢ়ি তুলিব পৰা যায়৷ ছাত্ৰ-ছাত্ৰীসকলক এম এলত কেৰিয়াৰ গঢ়ি তোলাত সহায় কৰাৰ দিশত এয়া এক পদক্ষেপ। প্ৰাথমিকৰ পৰা ষ্টে-অৱ-আৰ্টলৈ বিস্তাৰিত পাঠ্যক্ৰমত যন্ত্ৰ শিকনৰ বিষয়ে শিক্ষাৰ্থীসকলক শ্ৰেষ্ঠমানৰ প্ৰশিক্ষণ প্ৰদান কৰাই আমাৰ লক্ষ্য। এই কাৰ্যসূচীৰ টিউটৰিয়েল অধিবেশনসমূহত তাত্ত্বিক আৰু ব্যৱহাৰিক শিক্ষাৰ সঠিক মিশ্ৰণ সামৰি লোৱা হয়, এই বিষয়ে নানা ক্ষেত্ৰত কৰ্মৰত এমাজন এম এলৰ বিজ্ঞানীয়ে প্ৰশিক্ষণ প্ৰদান কৰিব৷ বিগত সময়ছোৱাত আমি শিক্ষাৰ্থীসকলৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ৷ তেওঁলোকৰ সঁহাৰিয়ে এই কাৰ্যক্ৰম উন্নত আৰু প্ৰাসংগিক কৰি তুলিবলৈ আমাক উৎসাহ যোগাইছে৷ এম এলৰ উৎকৰ্ষক গ্ৰহণ তথা উন্নীত প্ৰায়োগিক বিজ্ঞানৰ প্ৰতি আকৃষ্ট উদীয়মান প্ৰতিভাৰ বাবে এই কাৰ্যসূচী এক মঞ্চ হিচাপে পৰিগণিত হ’ব৷’’গতানুগতিক তাত্ত্বিক শিক্ষাৰ বিপৰীতে এমাজনৰ এম এল ছামাৰ স্কুলে অনন্য প্ৰয়োগকেন্দ্ৰিক শিক্ষণ পদ্ধতি আগবঢ়ায়। অংশগ্ৰহণকাৰীসকলে কেৱল তাত্ত্বিক ধাৰণা গ্ৰহণ কৰাই নহয়, হাতে-কামে অভিজ্ঞতাও লাভ কৰে৷ বাস্তৱ জগতৰ প্ৰত্যাহ্বানৰ বাবে তেওঁলোকক প্ৰস্তুত কৰা হয়। কাৰ্যসূচীৰ স্বকীয় পাঠ্যক্ৰমে ব্যৱহাৰিক প্ৰয়োগসমূহক একত্ৰিত কৰে, শিক্ষাৰ্থীসকলক জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা দুয়োটাৰে সমৃদ্ধ কৰি তোলে। তদুপৰি এমাজনৰ এম এল ছামাৰ স্কুলে উদ্যোগৰ ধাৰাসমূহৰ সৈতে বিশ্ববিদ্যালয়সমূহৰ বৰ্তমানৰ বিজ্ঞানৰ পাঠ্যক্ৰমসমূহৰ মিশ্ৰণ কৰে৷ ব্যৱহাৰিক শিক্ষণক অগ্ৰাধিকাৰ দিয়ে, বিচিত্ৰ এম এল পটভূমিৰ ছাত্ৰ-ছাত্ৰীসকলক উপকৰণ যোগান ধৰে।২০২১ চনত পাইলট প্ৰকল্পৰ পৰাই এমাজন এম এল ছামাৰ স্কুল দ্ৰুতগতিত বিকশিত হৈছে আৰু ব্যতিক্ৰমী বৃদ্ধি আহৰণ কৰিছে। উদ্বোধনী অনুষ্ঠানত ৩,৫০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে, শীৰ্ষ ৩ শতাধিক শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। এই সফলতাৰ ভিত্তিত ২০২২ চনত কাৰ্যসূচীৰ সম্প্ৰসাৰণ ঘটাই সমগ্ৰ ভাৰতৰ অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা ১৭,৫০০ৰো অধিক পঞ্জীয়ন সম্পন্ন হৈছিল৷ ইয়াৰে ২,৮৮০ জনীয়া নিৰ্বাচিত গোটক কাৰ্যসূচীত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। এইবাৰ কাৰ্যসূচী অধিক সম্প্ৰসাৰিত কৰি ভাৰতৰ যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত নামভৰ্তি কৰা অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে আৰু শ্ৰেণীৰ বৃহৎ আকাৰ দেখা পোৱাও নিশ্চিত হৈছে৷এম এল ছামাৰ স্কুল ভাৰতৰ যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী লাভৰ বাবে নামভৰ্তি কৰা সকলো অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি৷ লগতে ২০২৪ বা ২০২৫ চনত স্নাতক ডিগ্ৰী লাভৰ সম্ভাৱনা থকাসকলৰ বাবেও এই শিক্ষানুষ্ঠান মুকলি৷ অৰ্হতাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে মৌলিক এম এল ধাৰণা আৰু গণিতৰ প্ৰাথমিক বিষয় যেনে পৰিসংখ্যা, সম্ভাৱনা আৰু ৰৈখিক বীজগণিত আদি বিষয়ত অনলাইন মূল্যায়নত অংশগ্ৰহণ কৰিব লাগিব৷ পৰৱৰ্তী পৰ্যায়ত শীৰ্ষ ৩,০০০ ছাত্ৰ-ছাত্ৰীৰ এম এল ছামাৰ স্কুলত নামভৰ্তি হ’ব, য’ত তেওঁলোকে চাৰি সপ্তাহান্তিকত শ্ৰেণীকোঠাৰ অধিবেশনত আঠপ্ৰকাৰৰ আৰ্হি সামৰি লয়৷ প্ৰতি অধিবেশনৰ পিছত এমাজনৰ বিজ্ঞানীসকলৰ সৈতে পোনপটীযা প্ৰশ্নোত্তৰ পৰ্ব অনুষ্ঠিত হয়।এমাজন এম এল ছামাৰ স্কুলৰ পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশৰ সময়ত এমাজন ইণ্ডিয়াই যন্ত্ৰ শিকনৰ দিশত উৎকৰ্ষক গ্ৰহণ তথা প্ৰযুক্তি উদ্যোগৰ ভৱিষ্যতৰ নেতাসকলক প্ৰস্তুত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। এমাজন এম এল ছামাৰ স্কুলৰ বিষয়ে অধিক জানিবলৈ  https://amazonmlsummerschoolindia.splashthat.com/লগ অন কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here