ভূটান অভিমুখে পূৰবী ডেইৰীৰ ৫,৬২৭ লিটাৰ আইচক্ৰীমৰ প্ৰথম ৰপ্তানি চালানৰ আনুষ্ঠানিক সূচনা মুখ্যমন্ত্ৰীৰ; এ পি ই ডি এ-ৰ সহযোগত ৰপ্তানি অসমৰ প্ৰথম দুগ্ধজাত সামগ্ৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 28 July 2026

ভূটান অভিমুখে পূৰবী ডেইৰীৰ ৫,৬২৭ লিটাৰ আইচক্ৰীমৰ প্ৰথম ৰপ্তানি চালানৰ আনুষ্ঠানিক সূচনা মুখ্যমন্ত্ৰীৰ; এ পি ই ডি এ-ৰ সহযোগত ৰপ্তানি অসমৰ প্ৰথম দুগ্ধজাত সামগ্ৰী


 


W7s news,গুৱাহাটী | ২৮ জুলাই, ২০২৬: অসমৰ পৰা প্ৰথমবাৰৰ বাবে বিদেশলৈ ৰপ্তানি কৰা হ’ল দুগ্ধজাত সামগ্ৰী। মঙলবাৰে এপিইডিএ-ৰ সহায়ত ভূটান অভিমুখে পূৰবী ডেইৰীৰ ৫,৬২৭ লিটাৰ পূৰবী আইচক্ৰীমৰ প্ৰথমটো ৰপ্তানি চালানৰ আনুষ্ঠানিক সূচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই ৰপ্তানিৰ মাধ্যমেৰেই ৰাজ্যখনৰ পৰা প্ৰথমবাৰৰ বাবে দুগ্ধজাত সামগ্ৰী বিদেশৰ বজাৰলৈ প্ৰেৰণ কৰা হৈছে।

এই ৰপ্তানি চালানৰ ফলত ভূটানৰ থিম্পু, পাৰো, ফুণ্টশোলিং আৰু ৱাংদু-সহ দেশখনৰ প্ৰধান বজাৰসমূহত পূৰবী আইচক্ৰীম উপলব্ধ হ’ব।

ৰপ্তানি চালানৰ আনুষ্ঠানিক সূচনা অনুষ্ঠানত উপস্থিত থাকে সমবায় মন্ত্ৰী কৌশিক ৰায়। ইয়াৰ উপৰিও অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মীন আৰু পশুপালন বিভাগৰ অতিৰিক্ত মুখ্য সচিব কে চি ছমৰীয়া (আইএএছ), কৃষি বিভাগৰ আয়ুক্ত আৰু সচিব অৰুণা ৰজোৰিয়া (আইএএছ), বিত্ত বিভাগৰ আয়ুক্ত আৰু সচিব বীৰেন্দ্ৰ মিট্টাল (আইএএছ), সমবায় বিভাগৰ সচিব অনন্ত লাল জ্ঞানী (আইএএছ), এ পি ই ডি এ-ৰ উপ-মহাপ্ৰবন্ধক সুনীতা ৰায় আৰু এই ৰপ্তানি প্ৰক্ৰিয়া ৰূপায়ণৰ সৈতে জড়িত বিভিন্ন সংস্থাৰ প্ৰতিনিধিসকল।

মন কৰিবলগীয়া যে, পূৰবী আইচক্ৰীম উৎপাদন কৰে পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে (ৱামুল), আৰু ইয়াৰ বিপণনৰ দায়িত্বত আছে নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডচ লিমিটেড (এনইডিএফএল)। এই আইচক্ৰীম প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা গাখীৰ সংগ্ৰহ কৰা হয় পূৰবী ডেইৰীৰ সমবায় নেটৱৰ্কৰ মাধ্যমেৰে অসমৰ বিভিন্ন প্ৰান্তৰ দুগ্ধ খেতিয়কসকলৰ পৰা। ফলত এই ৰপ্তানিৰ সৈতে ৰাজ্যখনৰ হাজাৰ হাজাৰ দুগ্ধ উৎপাদকৰ প্ৰত্যক্ষ যোগসূত্ৰ গঢ়ি উঠিছে।

এই সাফল্যৰ আঁৰত বিগত চাৰি-পাঁচ বছৰত পূৰবীৰ নিৰন্তৰ সম্প্ৰসাৰণেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই অগ্ৰযাত্ৰাক অধিক শক্তিশালী কৰি তুলিছে বিশ্ববেংকৰ বিত্তীয় সাহায্যত ৰূপায়িত এপাৰ্ট প্ৰকল্পই। সেই প্ৰকল্পৰ বিত্তীয় সাহায্যৰে উদ্যোগটোৰ দৈনিক উৎপাদন ক্ষমতা ৬০ হাজাৰ লিটাৰৰ পৰা ১ লাখ ৫০ হাজাৰ লিটাৰলৈ বৃদ্ধি কৰা হৈছে। নতুনকৈ সম্প্ৰসাৰিত এই উৎপাদন কেন্দ্ৰটোৰ অংশ হিচাপেই গঢ়ি তোলা হৈছে ঘণ্টাত ৬০,০০০ লিটাৰ উৎপাদন ক্ষমতাসম্পন্ন পূৰবী আইচক্ৰীম প্ৰকল্প। 

এই আন্তঃৰাষ্ট্ৰীয় ৰপ্তানি ৰূপায়ণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ কৃষি আৰু প্ৰক্ৰিয়াজাত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে (এপিইডিএ)। ৰপ্তানিৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পন্ন কৰা, নথিপত্ৰ প্ৰস্তুত কৰা আৰু নিয়ন্ত্ৰণ সংক্ৰান্তীয় সকলো আনুষ্ঠানিকতা চূড়ান্ত কৰাৰ ক্ষেত্ৰত এ পি ই ডি এ-য়ে নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডচ লিমিটেড (এনইডিএফএল)-ক প্ৰয়োজনীয় সাহায্য আগবঢ়ায়।

ৰপ্তানি প্ৰক্ৰিয়া সম্পৰ্কে অভিমত ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমৰ পৰা প্ৰথমবাৰৰ বাবে দুগ্ধজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি হোৱাটো আমাৰ বাবে গৌৰৱৰ মুহূৰ্ত। এই সাফল্যই প্ৰমাণ কৰে যে, ৰাজ্যখনৰ দুগ্ধ উদ্যোগ এতিয়া অধিক শক্তিশালী ভেটিত আগুৱাই গৈছে। পূৰবী আইচক্ৰীম প্ৰস্তুত হয় অসমৰ বিভিন্ন প্ৰান্তৰ খেতিয়কসকলে উৎপাদন কৰা গাখীৰেৰে। ভূটানৰ বজাৰত এই সামগ্ৰীৰ প্ৰৱেশে আমাৰ দুগ্ধ সমবায় আৰু গ্ৰাম্য দুগ্ধ উৎপাদকসকলৰ সন্মুখত নতুন ব্যৱসায়িক সুযোগ সৃষ্টি কৰিব। মূল্য সংযোজন বৃদ্ধি কৰা, নতুন বজাৰত অসমৰ সামগ্ৰী উপলব্ধ কৰোৱা আৰু ৰাজ্যত উৎপাদিত অধিক উন্নতমানৰ সামগ্ৰীক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতিষ্ঠা কৰাই আমাৰ চৰকাৰৰ অন্যতম লক্ষ্য। সেই লক্ষ্য বাস্তৱায়িত কৰিবলৈ আমি নিৰন্তৰ কাম কৰি আছোঁ।”

উল্লেখ্য যে, ভূটানলৈ প্ৰথমটো ৰপ্তানি চালানত পূৰবী আইচক্ৰীমৰ বিভিন্ন প্ৰকাৰৰ সামগ্ৰী অন্তৰ্ভূক্ত কৰা হৈছে। এই চালানত কাপ, ফেমিলী পেক, ক’ন আৰু গে’লন পেক- সকলোবোৰ বিভাগেই অন্তৰ্ভুক্ত হৈ আছে। ভূটানৰ খুচুৰা ক্ৰেতা আৰু প্ৰতিষ্ঠানিক ক্ৰেতা-উভয় শ্ৰেণীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সামগ্ৰীসমূহ নিৰ্বাচন কৰা হৈছে।

এই ৰপ্তানি পূৰবী ডেইৰীৰ সম্প্ৰসাৰণ পৰিকল্পনাত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি হিচাপে বিবেচিত হৈছে। ইয়াৰ ফলত দেশৰ বৰ্তমানৰ বজাৰৰ উপৰিও অসমত উৎপাদিত মূল্য সংযোজিত দুগ্ধজাত সামগ্ৰীৰ বাবে নতুন আন্তঃৰাষ্ট্ৰীয় বজাৰ গঢ়ি তোলাৰ সুযোগ অধিক বৃদ্ধি পাব। একে সময়তে এইসমূহ সামগ্ৰী বিদেশৰ বজাৰলৈ প্ৰেৰণ কৰাৰ নতুন বিপণন ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টাও অধিক শক্তিশালী হ’ব।

এই ৰপ্তানিৰ ফলত অসমৰ দুগ্ধ খেতিয়কসকলেও আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে যুক্ত হোৱাৰ নতুন সুযোগ লাভ কৰিব। খেতিয়কসকলৰ পৰা সংগ্ৰহ কৰা গাখীৰ পূৰবী ডেইৰীৰ প্ৰকল্পত আইচক্ৰীম আৰু অন্যান্য মূল্য সংযোজিত দুগ্ধজাত সামগ্ৰীলৈ ৰূপান্তৰিত কৰা হয়। ইয়াৰ ফলত স্থানীয়ভাৱে উৎপাদিত গাখীৰৰ নিয়মিত চাহিদা বৰ্তি থকাৰ উপৰিও খেতিয়কসকলেও দীৰ্ঘম্যাদীভাৱে সুস্থিৰ বজাৰ লাভ কৰাৰ সুযোগ পাব।

এই সাফল্য সম্পৰ্কে সমবায় মন্ত্ৰী তথা নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডচ লিমিটেড (এনইডিএফএল)-ৰ অধ্যক্ষ কৌশিক ৰায়ে কয়, “ভূটানত পূৰবী আইচক্ৰীম ৰপ্তানি অসমৰ দুগ্ধ খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ সাফল্য। এই সাফল্যই পূৰবীৰ সমগ্ৰ উৎপাদন আৰু যোগান ব্যৱস্থাৰ সক্ষমতাক প্ৰতিফলিত কৰিছে। এই চালানৰ প্ৰতিটো পেকেটেই অসমৰ খেতিয়কসকলে উৎপাদন কৰা গাখীৰেৰে প্ৰস্তুত কৰা হৈছে। সেয়ে এই অৰ্জনে আমাৰ দুগ্ধ খেতিয়ক আৰু সমবায় সমিতিসমূহৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছে। এতিয়া আমাৰ মূল লক্ষ্য হ’ব ভূটানত এক শক্তিশালী বিতৰণ ব্যৱস্থা গঢ়ি তোলা, তাত থকা উপভোক্তাসকলৰ প্ৰয়োজনীয়তা স্পষ্টভাৱে বুজি পোৱা আৰু ক্ৰমান্বয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত পূৰবীৰ অধিক সামগ্ৰী প্ৰেৰণ কৰা। নতুন বজাৰ লাভ কৰিলে খেতিয়কসকলৰ বাবে দীৰ্ঘম্যাদী আয়ৰ সম্ভাৱনা বৃদ্ধি পাব। একে সময়তে মূল্য সংযোজিত দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত অসমৰ স্থানো অধিক শক্তিশালী হৈ পৰিব।”

এ পি ই ডি এ-ৰ উপ-মহাপ্ৰবন্ধক সুনীতা ৰায়ে কয়, “উত্তৰ-পূব ভাৰতৰ কৃষি আৰু প্ৰক্ৰিয়াজাত খাদ্য সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰাৰ লক্ষ্যৰে এ পি ই ডি এ-য়ে নিৰন্তৰ কাম কৰি আছে। একে সময়তে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বিভিন্ন চৰ্ত আৰু প্ৰয়োজনীয় মানদণ্ড পূৰণ কৰাত এই অঞ্চলৰ প্ৰতিষ্ঠানসমূহক সহায় কৰাটোও আমাৰ অন্যতম দায়বদ্ধতা। ভূটানত পূৰবী আইচক্ৰীমৰ এই ৰপ্তানি অসমৰ বাবে এক গুৰুত্বপূৰ্ণ অগ্ৰগতি। প্ৰয়োজনীয় ৰপ্তানি প্ৰক্ৰিয়া, নথিপত্ৰ আৰু সকলো ধৰণৰ আনুষ্ঠানিকতা সম্পন্ন কৰাত নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডচ লিমিটেড (এনইডিএফএল) আৰু পূৰবী ডেইৰীক সহযোগিতা কৰিবলৈ পাই এ পি ই ডি এ আনন্দিত।”

লক্ষ্যণীয় যে, ভৌগোলিক অৱস্থানৰ দিশৰ পৰা ভূটান অসমৰ দুগ্ধজাত সামগ্ৰীৰ বাবে এক অত্যন্ত সম্ভাৱনাপূৰ্ণ বজাৰ। ফলত চুবুৰীয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত ‘মেড ইন আছাম’ সামগ্ৰীৰ উপস্থিতি অধিক বিস্তৃত কৰাৰ নতুন সুযোগ সৃষ্টি হৈছে।

অনাগত সময়ত পূৰবী ডেইৰীৰ অধিক বিভিন্ন সামগ্ৰী, বিশেষকৈ দীৰ্ঘদিন সংৰক্ষণ কৰিব পৰা সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰাৰ সম্ভাৱনা পৰীক্ষা কৰিব এন ই ডি এফ এলে। লগতে ভূটানৰ বজাৰত ক্ৰেতাসকলৰ সঁহাৰি আৰু বিতৰণ ব্যৱস্থাৰ প্ৰয়োজনীয়তাও পৰ্যায়ক্ৰমে মূল্যাংকন কৰা হ’ব। সেই অভিজ্ঞতাৰ ভিত্তিতেই ক্ৰমান্বয়ে সামগ্ৰীৰ পৰিসৰ আৰু ৰপ্তানি চালানৰ পৰিমাণ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।

এই উদ্যোগৰ ফলত বজাৰত পূৰবী ডেইৰীৰ স্থিতি অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও, প্ৰতিষ্ঠানটোৰ মূল লক্ষ্য অনুসৰি দুগ্ধ খেতিয়কসকলৰ স্থায়ী আয় নিশ্চিত কৰা, সমবায়ভিত্তিক দুগ্ধ ব্যৱস্থা সম্প্ৰসাৰণ কৰা আৰু অসমৰ দুগ্ধ উৎপাদন খণ্ডক অধিক শক্তিশালী কৰি তোলাৰ দিশত এক ডাঙৰ পদক্ষেপ হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here