কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল সাক্ষাৎ লঘু উদ্যোগ ভাৰতীৰ প্ৰতিনিধি দলৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 10 September 2025

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল সাক্ষাৎ লঘু উদ্যোগ ভাৰতীৰ প্ৰতিনিধি দলৰ

 

W7s news,,গুৱাহাটী, ১০ ছেপ্টেম্বৰ: কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলক নতুন দিল্লীৰ কাৰ্যালয়ত সাক্ষাৎ কৰে অখিল লঘু উদ্যোগ ভাৰতীৰ সাধাৰণ সম্পাদক অ’ পি গুপ্তাৰ নেতৃত্বত লঘু উদ্যোগ ভাৰতীৰ এটা প্ৰতিনিধি দলে। এই প্রতিনিধি দলটো এল ইউ বি উত্তৰ-পূবৰ সভাপতি পার্থ প্রতিম পাঠক, উপ-সভাপতি এল ইউ বি উত্তৰ-পূব বিবেক আগৰৱালকে ধৰি বিশিষ্ট সদস্যৰে উপস্থিত থাকে৷ অহা ৩০ অক্টোবৰৰ পৰা ২ নৱেম্বৰ, ২০২৫লৈ গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় ঔদ্যোগিক মেলা (আই আই এফ) “উদ্যম ২০২৫”ৰ বিশাল অনুষ্ঠানৰ বিষয়ে প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰীক অৱগত কৰে।

বৈঠকৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীয়ে আনুষ্ঠানিক ভাৱে আই আই এফ “উদ্যম ২০২৫ৰ ব্ৰ'চাৰ মুকলি কৰে। পীযুষ গোৱেল আই আই এফ উদ্যম ২০২৫ ৰ সফল সংগঠনৰ বাবে সম্পূৰ্ণ চৰকাৰী সমৰ্থনৰ আশ্বাস দিয়ে, যাৰ ফলত আই আই এফ উদ্যম ২০২৫ ৰ আয়োজকসকলক সম্পূৰ্ণ উৎসাহ প্ৰদান কৰে। দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা মাননীয় প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ প্ৰতিধ্বনিত স্বাৱলম্বী উত্তৰ-পূৱ আৰু ভাৰত গঢ়ি তোলাৰ মিছনৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।  পিয়ুষ গোৱেল ঔদ্যোগিক বিকাশৰ প্ৰসাৰৰ বাবে চৰকাৰৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰি


অনুষ্ঠানটোৰ এক বৃহৎ সফলতা কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here