'কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 7 March 2024

'কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা' উন্মোচন

 






W7s news গুৱাহাটী: গুৱাহাটীৰ পল্টনবজাৰস্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ কাৰ্যালয়ত বৃহস্পতিবাৰেচন্দ্ৰ প্ৰকাশনে প্ৰকাশ কৰা দশম সংখ্যক

'কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা' উন্মোচন কৰা হয়।পঞ্জিকাখন উন্মোচন কৰে বাস্তু গণনাকাৰক ড০ অনিল বৰুৱাই। উন্মোচনী অনুষ্ঠানত কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ অধ‍্যক্ষ তথা ব্যৱস্থাপক , অসম চৰকাৰৰ ৰাজজ্যোতিষী জ্যোৰ্তিভূষণ পুলিন চন্দ্ৰ দেৱ শৰ্মাই কয়-

ভাৰতৰ উত্তৰ –পূৱ প্ৰান্তৰত অৱস্থিত সুজলা সুফলা শস্য-শ্যামলা চিৰ সেউজী আই অসমীৰ জন্ম ৰাশি কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ বৰ্ত্তমান বৰ্ষত ৰজা হৈ ব্যয় স্থানত অবস্থান কৰাত আৰু তালৈ ৰাহুব ত্রিপদ দৃষ্টি পুৰাত ৰাজ্যখনত বিভিন্ন ধৰণৰ ব্যাধি, দুৰ্য্যোগ যানবাহনাদিয়ে জনসাধাৰণৰ বিস্তৰ ক্ষতি, প্রাণহানিৰ যোগ দেখা যাব। চন্দ্র যিহেতু ব্যয়স্থানত অৱস্থান কৰাত আৰু ব্যয়স্থানৰ অধিপতি বুধ শস্যাধিপতি হোৱাত এইবাৰ ৰাজ্যখনত খাদ্যসংকটত ভূগিব বা শস্য উৎপাদন কমিব  আৰু নানা দুভিক্ষই দেখা দিয়াৰ সম্ভাৱনা । ধনস্থানৰ অধিপতি ৰবি জলাধিপতি হৈ কর্মস্থানত তুঙ্গীহৈ অবস্থান কৰাত আৰু ৰবিয়ে বন্ধুস্থানদৈ পূর্ণদৃষ্টি প্রদান কৰাত ৰাজ্যত নিবনুৱা সমস‍্যা বহু পৰিমানে সমাধান হ'ব যদিও স্থান বিশেষে প্রকৃতিক দূর্যোগ বতৰ খৰাং আদি হোৱাৰ বাবে ৰাজ্যত মহাপ্ৰলয় ভূমিকম্প আদিকে ধৰি গৰা গহনীয়াৰ কাৰনে বাজ্যখনত বহু অনিষ্ট হব। বন্ধু স্থানীয় ব্যক্তি বা ৰাজ্যসমূহৰ পৰা কোনো সহায় সহযোগিতা নাপাব। ভাতৃস্থানত কেতুৰ অৱস্থান কৰাত আৰু তালৈ মংগলে পূর্ণদৃষ্টি প্রদান কৰাত দেশখনত বহু গোপন শত্রুৱে কুটাঘাট মূলক কাম কৰিব পাৰে। সীমা বিবাদ, ধর্মঘট, আদিৰ ফলত দেশখনত অস্থিৰতা বৃদ্ধি পাব। ৰাজ্যখনত দুর্ঘটনা, অগ্নিভয়, যুদ্ধ বিগ্রহ বৃদ্ধি পাব। ৰজাই স্বতন্ত্রভাবে নির্ণয় লোৱাত বহু সমস্যাৰ সৃষ্টি হ'ব। অৰ্থাৎ ৰাজ্যখন বহু উৎত্থান পতন তথা সংঘৰ্ষৰ মাজেৰে অতিবাহিত হ'ব। বিদ্যাস্থানৰ অধিপতি মংগল অষ্টম স্থানত শনিযুক্ত হৈ অৱস্থান কৰাত শিক্ষার্থীসকলৰ তীক্ষ্ম বুদ্ধিমত্তাৰ অধিকাৰী হৈ বহিৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ সুবিধা প্রাপ্তি হ'ব মংগল অষ্টম স্থানৰত শনি স্ব গৃহী হৈ কর্মস্থানৰ আৰু বিদ্যা স্থানৰ অধিপতি হৈ অৱস্থান কৰাত কাৰিকৰী শিক্ষা, গৱেষণা, ৰাস্তা-ঘাট নির্মাণৰ নতুন প্রযুক্তি কৌশল আদিত শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষত আৰোহন কৰিব কিন্তু একে সময়তে শিশুৰ সৈতে জড়িত সমস্যাৰ সম্মুখীন হ'ব লগীয়া। হব। শত্রু বা ৰোগ স্থানৰ অধিপতি আৰু ভাগ্যস্থানৰ অধিপতি বৃহস্পতি মন্ত্রী হৈ কর্মস্থানত অৱস্থান কৰাত আর্থিক ক্ষেত্ৰত ৰাজ্যখনে বহু সমষ্যা সন্মুখীন হ'ব আৰু বহু ঋণৰ বোজা গাত পাতি লব লগীয়া হ'ব যদিও নিজৰ লক্ষ্য আৰু প্রতিভা বিকাশত উপনীত হব। হতাশ নহয়। ব্যয় বৃদ্ধি পাব। কিন্তু স্বতন্ত্র ভাবে নির্ণয় লোৱাত বাধা আহিব। ৰবি কেন্দ্রী হৈ বৃহস্পতি সৈতে কৰ্ম্মস্থানত অৱস্থান কৰাত ৰাজ্যখনৰ কৰ্ম্ম ক্ষেত্ৰত ৰাজকীয় সন্মান প্রাপ্তি হব। এই সময় খনিৰি ভিতৰত যদিও বতৰৰ প্ৰতিকূল নহব তথাপিটো ৰজাৰ কৰ্ম্মই দেশৰ অনুকুল অবস্থা প্রতিকূল কৰিবলৈ সক্ষম হ'ব।ভাগ্যস্থানত শুক্র তুঙ্গী হৈ বাহু হৈ ৰাহু আৰু  বুধ যুক্তহৈ অবস্থান কৰাত চৰকাৰে আশানুৰূপ ফল পোৱাত কিছুবাধা আহিব। চৰকাৰে বিভিন্ন বাধা বিঘিনিৰ মাজেদি মিত্ৰগোটৰ জৰিয়তে নিজৰ গাদী অটুট ৰাখিব পাৰিব। বৃহস্পতি মন্ত্রী হৈ কর্মস্থানত, ৰবি জলাধিপতি, কর্মস্থানত, আৰু বুধ শয্যাধিপতি হৈ ভাগ্যস্থানত অৱস্থান কৰাত অসমত এইবাৰ ধাৰ বা ঋণ বোজা বৃদ্ধি পাব। ইয়াৰ ফলত ৰাজ্যৰ বহু প্রতিষ্ঠান বহিৰাজ্যৰ বণিকৰ হাতলৈ যাব। ৰাজ্যত স্থানবিশেষে বহু স্থানত খৰাং আৰু কীট পতঙ্গৰ প্রকোপত শস‍্যনাশ হ'ব। চুবুৰীয়া ৰাজ্যৰ মাজত সাম্প্রদায়িক সংঘর্ষ হত্যা লুণ্ঠন আভ্যন্তৰীণ বিবাদ, বানপানীৰ সমস্যাই

ৰাজাখনক জৰুলা কৰিব ।আলফাৰ প্রতিস্থান গঢ় লৈ উঠিব। চৰকাৰে শিশু, স্ত্রীশিক্ষা আৰু উন্নয়ন মূলক বহু আঁচনি গ্রহন কৰি সূচাৰু ৰূপে ৰূপায়িত কৰিব টান হব। এই সময়ছোৱাত ভাতৃঘাটী সংঘৰ্ষৰ নাগালেণ্ড, মেঘালয়, মিজোৰাম, অৰুণাচলৰ ৰাজ্যৰ লগত সীমা বিবাদ অব্যাহত থাকিব। বহিৰাষ্ট্ৰত অধ্যয়ণত থকা বিদ্যার্থী সকলে কিছু আহুকালত ভূগিব পাৰে। আয় আৰু বন্ধুস্থানৰ অধিপতি শুক্র উচ্চ হৈ ৰাহু বুধ যুক্তহৈ ভাগ্যস্থানূত অৱস্থান কৰাত ৰাজ্য খনত বহু নতুন নতুন আঁচনি ৰূপায়ন কৰি ৰাজ্যৰ উন্নতি বিকাশ কৰিব, ৰাজ্যখনলৈ পর্যটকৰ আগমনৰ ফলত আমদানী বৃদ্ধি হ'ব। কিন্তু ৰাহুৰ অৱস্থানে হত্যা, ধর্ষন লুন্ঠন আদি কাৰ্য বৃদ্ধি পাব। দলীয় নেতৃত্ব বৃন্দৰ মাজতো মতানৈক্যৰ ফলত দলীয় শাসন ব্যৱস্থাত বাধা আহিব।

অসমৰ মন্ত্রী সভা গঠনৰ ২০২১ চনৰ ১০ মে' সোমবাৰে দিনৰ ১২।৫ মি। কৃষ্ণপক্ষৰ চতুৰ্দ্দশী তিথিত, অশ্চিনী নক্ষত্র, আযুষ্মান যোগত বিষ্টি কৰণত গুৱাহাটীৰ শপত গ্রহণ চক্র মতে লগ্ন সিংহ ৰাশিত, চতুর্থ কেতু, ষষ্ঠ স্থানত শনি (স্ব গৃহী) হৈ বুধ ৰাহু যুক্ত হোৱাত একাদশত মংগল অৱস্থানে লগ্নপতি ৰবি তুঙ্গি হৈ চন্দ্র যুক্ত হৈ ভাগ্যস্থানত অৱস্থান কৰাত আৰু লগ্নলৈ বৃহস্পতিৰ পূৰ্ণদৃষ্টি প্ৰদান কৰাত চৰকাৰখনে নিজৰ কাৰ্যকাল সুকলমে আৰু দক্ষতাৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ৰবি তুঙ্গিৰ প্ৰভাৱত বিৰোধী দলবোৰ প্ৰায় নিস্ক্ৰিয় হৈ পৰিব। চতুর্থস্থানত কেতুৰ অৱস্থানে যদিও বুধশুক্ৰৰ পূৰ্ণদৃষ্টিত ৰাজ্যখনত শিক্ষা, ক্রিয়া, সাহিত্য জগতত বিশেষ সুনাম অর্জন কৰিবলৈ সক্ষম হব। বিভিন্ন ক্ষেত্ৰত বিৰোধী দলে চৰকাৰৰ বিপক্ষে মতামত আগবঢ়াব যদিও নিজৰ বাক পটটা বা কর্মদক্ষতাৰ ফলত আগবাহিবলৈ সক্ষম হ'ব। কিন্তু অসমৰ জনসাধাৰণে মন্ত্রী-বিধায়ক, নেতাৰ ওপৰত আস্থা হেৰুৱাই বিদ্রোহ আৰম্ভ কৰাৰ অশুভ প্রভাৱ পৰিব। সংখ্যালঘু সম্প্রদায়, জনজাতি সম্প্রদায় আদিৰ মাজত অসন্তোষ বৃদ্ধি পাব।' সংবাদ মেলত কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ প্ৰকাশক তথা চন্দ্ৰ প্ৰকাশনৰ প্ৰকাশক ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মা, প্ৰধান গণনাকাৰী বিজিত পি শর্মা,গণনাকাৰী ড০ সঞ্জীৱ দেৱ শর্মা, জ্যোতি প্ৰকাশ শৰ্মা, ড০ হেমন্ত কুমাৰ শৰ্মা আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here