খানাপাৰাত সমাৱেশ হ’ব ৰাজ্যিক বিজেপিৰ ৪৫ হাজাৰ কাৰ্যকৰ্তা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 6 October 2022

খানাপাৰাত সমাৱেশ হ’ব ৰাজ্যিক বিজেপিৰ ৪৫ হাজাৰ কাৰ্যকৰ্তা

 

নৱনিৰ্মিত কাৰ্যালয় উদ্বোধনৰ হেতু অসমলৈ আহিব

জে পি নাড্ডা আৰু অমিত শ্বাহ


W7s news গুৱাহাটী : ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ সমাগত “কাৰ্যকৰ্তা সন্মিলন” ৰ লগতে বশিষ্ঠস্থিত নৱ নির্মিত ৰাজ্যিক কার্যালয় উদ্বোধনী অনুষ্ঠানৰ বাবে দলৰ কাৰ্যকৰ্তা সকলৰ প্রস্তুতি তুংগত আছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত দলৰ সভাপতি ভৱেশ কলিতাই আজি এক সংবাদ মেল সম্বোধন কৰি সদৰী কৰে যে, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য ৰাষ্ট্ৰীয় নেতৃত্ব, অসম চৰকাৰৰ মন্ত্ৰী, দলৰ বিধায়ক, সাংসদ, ৰাজ্যিক তথা জিলা বিষয়ববীয়া, দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সকলৰ উপস্থিতি আগন্তক ৮ অক্টোবৰত বশিষ্ঠস্থিত বিজেপি অসম প্ৰদেশৰ নৱ নিৰ্মিত কাৰ্যালয় শুভ উদ্বোধন কৰা হ’ব। উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও জ্যেষ্ঠ কাৰ্যকৰ্তাক বিশেষভাৱে সন্মান জনোৱা হ’ব। উক্ত অনুষ্ঠানৰ সামৰণিৰ পাছতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত “কাৰ্যকৰ্তা সন্মিলন” অনুষ্ঠিত হ’ব। যত ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৪৫ হাজৰো অধিক কার্যকৰ্তাই অংশগ্ৰহণ কৰিব। উক্ত সন্মিলনত ৰাজ্যিক বিজেপিৰ ৪০ খন সাংগঠনিক জিলাৰ পৰা বুথ সভাপতি, শক্তিকেন্দ্র প্রমুখ, মণ্ডল সভাপতি, জিলা বিষয়ববীয়া সকল উপস্থিত থাকিব বুলি কলিতাই সংবাদ মেল যোগে সদৰী কৰে। ৰাজ্যিক বিজেপিৰ দুয়োখন সভা সাফল্য কৰি তুলিবৰ বাবে সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ লগতে ৰাইজৰ সহাঁৰি তথা সমৰ্থন কামনা কৰিছে। ইপিনে আজি সংবাদ মেলত সভাপতি গৰাকীয়ে, ভাৰতীয় জনতা পার্টি কেন্দ্রীয় সমিতিয়ে ঘোষণা কৰা ৰাজ্যিক ক’ৰ সমিতি,ৰাজ্যিক নিবাৰ্চন সমিতি, ৰাজ্যিক বিত্তীয় সমিতিৰ কথা সদৰী কৰাৰ লগতে সমিতিত স্থান লাভ কৰা সকলো ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে।আনহাতে, ৰাজ্যিক সভাপতি ভৱেশ কলিতাই, মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বীতা বৰুৱাৰ


আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে প্রতিভাশালী কণ্ঠশিল্পী গৰাকীৰ মৃত্যুত অতিকৈ মর্মাহত হৈছো। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ লগতে মৃতকৰ আত্মাৰ সদ্‌গতিৰ ভাৱে ভগৱন্তৰ ওচৰত প্রার্থনা জনাইছো।'আজিৰ সংবাদ মেলত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here