'ভৰলু পদযাত্ৰা' ৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 22 September 2022

'ভৰলু পদযাত্ৰা' ৰ আয়োজন



W7s news গুৱাহাটী:  গুৱাহাটী প্ৰেছ ক্লাবত বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদ মেলত চেভ ভৰলু (ভৰলুবচাওঁ) অভিযানৰ হৈ সভাপতি ডাঃ ৰবীন মজুমদাৰ আৰু সাধাৰণ সম্পাদক  অমিয় কুমাৰ ডেকাই  জনায় যে চেভ ভৰলু অভিযানে যোৱা বছৰ ২৬ ছেপ্টেম্বৰত এক সুদীর্ঘ চাইকেল ৰেলীৰে” বিশ্ব নদী দিৱস উদযাপন কৰাৰ দৰে এইবাৰো  ২৫ চেপ্টেম্বৰত এই দিৱস উদযাপনৰ সকলো ব্যৱস্থা সম্পূর্ণ কৰিছে। এই উপলক্ষে পুৱা ৬ বজাত নাগৰিকৰ সুবিধার্থে ৰাধা গোবিন্দ বৰুৱা পথত চিৰিয়াখানাৰ ওচৰৰ পৰা,  উলুবাৰীত গুৰু নানক স্কুলৰ সমুখৰ পৰা চাবিপুল বিষ্ণুপুৰ দলঙলৈকে, বর্ষাপাৰা ষ্টেডিয়ামৰ পৰা ফটাশিল থানাৰ ওচৰলৈকে আৰু কুমাৰপাৰা নামঘৰৰ সমুখৰ পৰা ভৰলুমুখলৈ ভৰলু পদযাত্ৰা ( Bharala Walkavion) অনুষ্ঠিত হ'ব। পুৱা


৫.৩০ বজাত মিলিত হৈ ৬ বজাত আৰম্ভ হ'বলগীয়া পদযাত্রা প্ৰায় ৭.৩০ বজাত  সমাপ্ত হ'ব। স্থানীয় পৌৰ নিগমৰ পাৰিষদ সকলক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছে পদযাত্ৰাৰ শুভাৰম্ভৰ বাবে। দিনটোৰ ২য় কাৰ্যসূচী হৈছে স্থানীয় কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সদৌ অসম চেভ ভৰলু মুকলি কুইজ প্রতিযোগিতা। পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া প্রতিযোগিতা উদ্বোধন কৰিবলৈ খ্যাতনামা ইতিহাসবিদ আৰ্ট ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ শীলা ববাক আৰু প্রকৃতিবিদ তথা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ অবনী কুমাৰ ভাগৱতীক বিশিষ্ট অতিথিৰূপে আমন্ত্রণ জনোৱা হৈছে। কুইজ পৰিচালক  দিলীপ কুমাৰ শৰ্মা আৰু  দীপাংকৰ কৌশিকে পৰিচালনা কৰিবলগীয়া কুইজৰ পুৰস্কাৰত থাকিব নগদ মুঠ ২১,০০০.০০ টকা, একোখনকৈ শান্তনু বৰুৱাৰ 'অতীতৰ ভৰলু আৰু গুৱাহাটীক লৈ লিখা উপন্যাস " বাখৰুৱা ভালু” আৰু মানপত্ৰ৷ সংবাদমেলতে প্লাষ্টিক বৰ্জন আৰু ভৰলুক বচোৱাৰ আহ্বান সম্বলিত অভিযানৰ নতুন কাৰ ষ্টিকাৰ আৰু বেনাৰো উন্মোচন কৰা হয়। সংবাদ মেলৰ শেষত সকলোৰে শলাগ লয় কাৰ্যকৰী সদস্য, ডাঃ মানবেন্দ্ৰ গোস্বামীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here