W7s news গুৱাহাটী’: স্বেচ্ছাসেৱী সংস্থা চেতনা লেডিজ ক্লাবৰ উদ্যোগত আজি মহানগৰীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ প্রকল্পত অনুষ্ঠিত হয়(বি বিগাৰ দেন ইউৰ প্রব্লেম) ‘তোমাৰ সমস্যাতকৈ ডাঙৰ’ শীর্ষক আধ্যাত্মিক কাৰ্যসূচী। প্রজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয়া বিশ্ববিদ্যালয়ৰ আন্তর্জাতিক আধ্যাত্মিক বক্তা বি কে শিৱানী শীর্ষক অনুষ্ঠানত অংশ গ্ৰহণ কৰি আধ্যাত্মিকতাৰ বিষয়ে বিস্তৃত ভাষণ আগবঢ়ায়। জ্যেষ্ঠ আইএএছ বিষয়া আৰু অসম চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ বিভাগৰ প্ৰশাসনিক সচিব মঞ্জুলা শইকীয়া ভূঞাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰাৰ লগতে, ভগ্নী শিলা দিদি, ক্লাবৰ সভানেত্রী অন্নু আগৰৱাল, সম্পাদক ববিতা মোৰে, কাৰ্যসূচী সমন্বয়ক কাঞ্চন আগৰৱাল আৰু শ্বেতা সোমানিয়ে সামূহিকভাৱে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ উদ্বোধন কৰে। অনুষ্ঠানত সকলো বিশিষ্ট অতিথিক ক্লাবৰ সদস্যসকলে অসমীয়া পৰম্পৰাগত ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। একেদৰে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ক্লাবৰ সভানেত্রী অন্নু আগৰৱালাই আদৰণি ভাষণ প্ৰদান কৰি কয় যে আজিৰ আধ্যাত্মিক অনুষ্ঠানটোৱে প্ৰেক্ষাগৃহত উপস্থিত থকা লোকসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিব। তেওঁ কয় যে দর্শকেৰে ভৰপূৰ আইটিএ প্রেক্ষাগৃহত সকলোৱে শিৱানী দিদিৰ আধ্যাত্মিক বক্তৃতা শুনাৰ সুযোগ লাভ কৰিছে। সচিব ববিতা মোৰে অনুষ্ঠানটো সফল কৰাৰ বাবে সকলো পৃষ্ঠপোষকৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে। ক্লাবৰ সদস্য ৰেণু মোডী, ৰেণু মংগলুনিয়া, কবিতা পাটোৱাৰী, সুধা বাজাজ, মমতা সোধানি, নিৰা ভাৰতীয়, মঞ্জু জালান, প্ৰেম সুৰেকা, মীনা ধনুকা, কবিতা নিমোদিয়া, মধু আর্য, মংলা সৰাফ, আশা আগৰৱালা, সমতা গোলচা, কুসুম গোলন, মীনা মোৰে, দীপা চিওটিয়া, সন্তোষ ভৰুকা, মঞ্জু কেজৰিৱাল, অঞ্জু মহেশ্বৰী, সুনীতা সুৰেটিয়া, ৰীতা আগৰৱালে অনুষ্ঠানটো সফল মণ্ডিত কৰাত সহযোগিতা আগবঢ়ায়।
Post Top Ad
Responsive Ads Here
Sunday 29 May 2022
Home
গুৱাহাটী
গুৱাহাটী প্ৰাগজ্যোতি প্ৰকল্পত চেতনা লেডিজ ক্লাবৰ আধ্যাত্মিক অনুষ্ঠান অংশ গ্ৰহণ কৰে আধ্যাত্মিক বক্তা বি কে শিৱানী
গুৱাহাটী প্ৰাগজ্যোতি প্ৰকল্পত চেতনা লেডিজ ক্লাবৰ আধ্যাত্মিক অনুষ্ঠান অংশ গ্ৰহণ কৰে আধ্যাত্মিক বক্তা বি কে শিৱানী
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment